সমললৈ যাওক

পৃষ্ঠা:শান্তনু নন্দন.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জানি বৰ গৌৰৱবোধ কৰিছো; কিন্তু এটা চৰ্ত্ততহে মোৰ আইজনীক আপোনাক গটাব পাৰি- যদি আপুনি তাইৰ সন্তানক আপোনাৰ উত্তৰাধিকাৰী পাতিবলৈ সন্মত হয়। ৰজাই সেইষাৰ বুকুত খোজ মাৰি যোৱা বাক্য শুনিহে থমকি ৰব লগা হয়, কিয়নো তেওঁৰ পুত্ৰ দেৱব্ৰতক ইতিমধ্যে যুৱৰাজ পাতিয়ে থৈছে। মনৰ আশাত চেচাঁপানী পৰাদি পৰিল। বেজাৰ মনেৰে কোনো বাক্য উচ্চাৰণ নকৰাকৈ ঘূৰিব লগা হ'ল। ৰাজকাৰ্য্যৰ প্ৰতি মন নবহা হ'ল। চাল চলনত এক চিন্তাক্লিষ্ট মন। ৰজাৰ হঠাৎ এনে বিৰাগ ভাৱৰ প্ৰতি পুত্ৰ দেবব্ৰতে চিন্তা কৰিবলৈ ধৰিলে। পিতৃৰ নিশ্চয় কৰবাত অথন্তৰ ঘটিছে— সেই কথা দেবব্ৰতে বুজিলে। পিচে ৰথচালকৰ পৰা উৰহী গছৰ ওৰ ওলাল। দেবব্ৰতে ৰজাৰ বাবে পোনে পোনে সত্যৱতীৰ পিতৃৰ কাষ পালেগৈ— আৰু কলেগৈ যে তেওঁৰ পিতৃৰ মনষ্কামনা পূৰ্ণ কৰিবলৈ তেওঁৰ স্বাৰ্থ ত্যাগ কৰিছে। তেওঁ কাহানিও ৰজা নহ'ব। এই কথাত কন্যাৰ পিতৃ আশ্বস্ত নোহোৱাত তেওঁ প্ৰতিশ্ৰুতি দিলে যে তেওঁ জীৱনত কেতিয়াও বিয়া নকৰায়। নিজ পিতৃৰ তৃপ্তিৰ কাৰণে পুত্ৰই কৰা এই ত্যাগ কম ডাঙৰ কথা নহয়। পিতৃৰ হকেই জীৱনৰ সোনালী সপোন পৰিহাৰ কৰি দেবব্ৰত হৈ পৰিল ভীষ্ম। এই প্ৰতিজ্ঞাৰ কথা শুনি স্বৰ্গত গুণগুণনি উঠিল। দেৱতাসকলৰ আশীষ নিৰ্ম্মালি উপচি পৰিল। যেনে প্ৰতিজ্ঞা তেনে কাম। পুত্ৰই গোটাই দিয়া পত্নী সত্যৱতীৰ কালক্ৰমত দুটি সন্তান জন্ম হ'ল। এটিৰ নাম চিত্ৰাংগদ আৰু আনটিৰ নাম বিচিত্ৰবীৰ্য্য এই দুয়ো পুত্ৰ নাবালক হৈ থাকোতেই শান্তনুৱে চিৰ দিনৰ বাবে চকু মুদিলে। ৰজাৰ অবিহনে ৰাজ্যৰ শাসনভাৰ চলোৱাৰ অৰ্থে পূৰ্বৰ প্ৰতিজ্ঞা অনুসৰি ভীষ্মই যুৱৰাজ চিত্ৰাংগদক ৰজা পাতি ৰাজশাসন কৰিবলৈ ললে। কিন্তু চিত্ৰাংগদ ৰাজপাটত আৰোহন কৰাৰ অলপ দিনৰ পাচতে যুদ্ধত প্ৰাণ হেৰুৱালে। আকৌ ভীষ্মই দ্বিতীয় ভাতৃ বিচিত্ৰবীৰ্য্যক ৰজা পাতিলে। বিচিত্ৰবীৰ্য্যৰ বিয়াৰ উপযুক্ত বয়স হোৱাত সংসাৰ পাতি দিয়াৰ কথা চিন্তা কৰিলে। সেই সময়ত প্ৰথা অনুযায়ী

শান্তনু নন্দন/৫