শান্তনু নন্দন
তোমালোকে নিশ্চয় ভাৰতৰ দুখন মহাকাব্যৰ নাম শুনিছাহঁক। এই দুখন হ’ল— ৰামায়ণ আৰু মহাভাৰত। যেতিয়ালৈকে এই ভূখণ্ডত মানুহ প্ৰবৰ্তি থাকিব তেতিয়ালৈকে এই দুখন মহাকাব্যত লিপিবদ্ধ হৈ থকা ঘটনাবাজী আমাৰ সমাজ জীৱনত শ্বাস-প্ৰশ্বাসৰ দৰেই বৰ্তি থাকিব। এই দুয়োখন মহাকাব্যতে আমাৰ ভাৰতীয় সমাজ জীৱনৰ প্ৰতিটো কথাই সানপোটক হৈ আছে। সময়ে গতি সলায়ে আছে আৰু এই দুখন মহাকাব্যৰ ৰচনাকালো কেবা হাজাৰ বছৰ পাৰ হ'ল; তথাপি ইয়াৰ বুকুত থকা ঘটনাসমূহে আমাৰ দৈনন্দিন জীৱনত এনেদৰে প্ৰতিফলন ঘটাই যে সেই দুখন কাব্য যেন ভাৰতীয় ঐতিহ্যৰ দলিলহে। এই দুখনৰ ভিতৰত মহাভাৰতত উল্লেখ থকা এটি অনুপম চৰিত্ৰৰ কথা কবলৈ ওলাইছোঁ।
সেই চৰিত্ৰটোৰ নাম হ'ল— ভীষ্ম, ৰজা শান্তনুৰ পুত্ৰ। এই বিখ্যাত চৰিত্ৰটোৰ নাম তোমালোকে সদায়ে লৈয়ে থাকা। কথাই কথাই তোমালোকৰ ভিতৰতো কেতিয়াবা লগৰ এজনে কথাৰ খুটি এৰিব নুখুজিলে ভীষ্মৰ প্ৰতিজ্ঞা নেকি বুলি ব্যঙ্গ কৰাহঁক। এইজনা আমাৰ এগৰাকী আদি পুৰুষ। যাৰ বল বীৰ্য্য কৰ্ত্তব্যনিষ্ঠা আৰু ন্যায়নিষ্ঠা সজ গুণবোৰৰ বাবে চিৰ নমস্য। এই গৰাকী মহৎ ব্যক্তিৰ কথা কবলৈ যাওঁতে সেইকালৰ বহুত ৰহস্যপূৰ্ণ কথা সানপোটক হৈ আছে। কথাবোৰ ইটোৰ লগত সিটো এনেদৰে এঠা লাগি আছে যে এটা বিষয় ক'বলৈ মুখ মেলিলেই তাৰ লগৰবোৰে জাকিমাৰি পৰেহি। গতিকে পোনে পোনে কোনো এটা বিষয়কে সাউংকৰে পোহাৰ মেলিব নোৱাৰি। এই শান্তনু নন্দনৰ কথা কবলৈ যাওঁতেও পাতনি টানিব লগা হৈছে।