অহা দিনৰ বাবে যুদ্ধৰ গতিবিধিৰ ওপৰত আলোচনা হৈছিল। এই আলোচনাবোৰত দুৰ্য্যোধনে ভীষ্মক বাৰে বাৰে তিৰস্কাৰ কৰি ব্যতিব্যস্ত কৰি তুলিছিল। পেটে পেটে দুৰ্য্যোধনে ভীষ্মক সন্দেহ কৰিবলৈ ধৰিছিল কিয়নো এদিন দুদিন কৰি যুদ্ধ চলিছিল যদিও পাণ্ডৱৰ এজনো ক্ষয় কৰিবলৈ ভীষ্ম সক্ষম হোৱা নাই; কিয়নো পিতামহে ইচ্ছা কৰা হলে পাণ্ডৱক শেষ কৰিব পাৰে। কিন্তু পিতামহ ভীষ্মই সেই সকলোবোৰ তিৰস্কাৰ মূৰ পাতি লৈ পৰদিনৰ বাবে তেওঁ প্ৰস্তুত কৰা যুদ্ধ কৌশল লক্ষ্য কৰিবলৈ কয়। তেওঁ যে প্ৰকৃত সেনাপতি হিচাপে বজাৰ কল্যাণৰ কাৰণে নিজ শক্তি অনুযায়ী কৰ্ত্তব্য পালন কৰিছে সেই কথা সকিয়াই থাকিল। ৰাজ অনুগৃহীত বিষয়া হিচাপে পিতামহে নিৰুৎসাহ হোৱা দুৰ্য্যোধনক প্ৰবোধ জন্মায়। দুৰ্য্যোধনৰ হোতা মাত কথাই তেওঁৰ মনত আঘাট দিলেও এজন বিষয়াৰ কৰ্ত্তব্য হিচাপে প্ৰতিটো বাক্যবাণ উচিত উত্তৰ দি যায়। দুৰ্য্যোধনৰ মুৰ্খামিৰ কাৰণেই যে যুদ্ধখন হবলৈ পালে তাকো স্পষ্ট ভাষাৰে কয়। তেওঁ যিমানেই ধৈৰ্যৰ বান্ধ হেৰুৱাই আবোল তাবোল বকি নেথাকক পিতামহে কিন্তু নীতি অনুসৰিহে যুদ্ধ কৰি যাব। যজ্ঞত আহুতি দিয়াৰ দৰেই তেৱোঁ এই যুদ্ধৰ নিজ শক্তি সামৰ্থ্য প্ৰয়োগ কৰি শেষ মুহূৰ্তলৈকে হস্তিনাপুৰৰ হৈ যুদ্ধ কৰি যাব। দুৰ্য্যোধনে এই সন্ধিক্ষণত বীৰৰ পৰিচয়ৰে নিজ কৰ্ত্তব্য পালন কৰাটোহে বাঞ্চনীয়। ক্ষত্ৰীয় ধৰ্ম্ম অনুসৰি যুদ্ধক্ষেত্ৰত মনৰ দুৰ্বলতা পৰিহাৰ কৰিব লাগে। বিচলিত হোৱা দুৰ্য্যোধনক এইদৰে তেওঁ প্ৰবোধ দিয়ে। শান্তনু নন্দন পিতামহৰ যেনে প্ৰতিজ্ঞা তেনে কাম। দৃঢ় প্ৰতিজ্ঞা গ্ৰহণ কৰাৰ বাবেই নিজ জীৱনৰ সকলো ভোগ বিলাস ত্যাগ কৰি একমাত্ৰ কৰ্ত্তব্যই জীৱনৰ লক্ষ্য হিচাপে স্থিৰ কৰি লৈছিল। হস্তিনাপুৰৰ এজন প্ৰকৃত প্ৰেমিক হিচাপে জীৱনৰ শেষ বিন্দু তেজ থকালৈকে নিজৰ প্ৰিয় অপত্যৰ সৈতে যুদ্ধত লিপ্ত হবলৈও ইতস্ততঃ নকৰিলে। যুদ্ধৰ নৱম দিনত অৰ্জুনৰ ৰথৰ সাৰথি গকুল নন্দন শ্ৰীকৃষ্ণই ধৈৰ্য্য হেৰুৱাই তেওঁৰ বিপক্ষে অস্ত্ৰ তুলি ধৰাত পিতামহে মনে মনে আনন্দ লাভ কৰিছিল। আহ্বান জনাই শ্ৰীকৃষ্ণক কৈছিল— “হে জনাৰ্দ্দন!
পৃষ্ঠা:শান্তনু নন্দন.pdf/১৯
অৱয়ব