সমললৈ যাওক

পৃষ্ঠা:শান্তনু নন্দন.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেই কথা ধূৰূপ। সেই কথা মনত ৰাখি শকুণিয়ে অন্ধ ৰজা ধৃতৰাষ্ট্ৰক খাটিবলৈ ধৰিলে— এখন সভাপাতি তালৈ পঞ্চ-পাণ্ডৱক নিমন্ত্ৰণ কৰিব লাগে; কিয়নো যুধিষ্ঠিৰ যিহেতু নৱ প্ৰতিষ্ঠিত ৰাজেশ্বৰ হ'ল যেতিয়া তেওঁক সন্মান জনোৱাটো জ্যেষ্ঠ পিতা হিচাপে ধৃতৰাষ্ট্ৰৰ কৰণীয় কৰ্ত্তব্য। অন্ধ ধৃতৰাষ্ট্ৰইও মোমাই ভাগিনৰ আশাপূৰ্ণ হওক বুলিয়ে মতামত দি দিলে৷ এইখিনিতে পিতামহৰ নিৰ্লিপ্ততাৰ বাবে কুৰুক্ষেত্ৰ যুদ্ধৰ সূচনা হ'ল বুলি কব পাৰি। পৰৰ শত্ৰুতকৈও যে গৃহ শত্ৰু অতি মাৰাত্মক তাক কৌৰৱ পাণ্ডৱৰ যুদ্ধই প্ৰমাণ কৰে। পিতামহে যদি অভিভাৱক হিচাপে কতৃত্বশীল আদেশ দিলেহেঁতেন— তেনেহলে ভাৰত বুৰঞ্জীৰ গতি সলনি হ'লহেঁতেন। কিন্তু ন্যায়নিষ্ঠ পিতামহে ৰাজ আজ্ঞাৰ বিৰুদ্ধে মাত মাতিবলৈ ইচ্ছা নকৰিলে নাইবা ভূত ভৱিষ্যত সকলো জনাৰ দৰে বিধিৰ বিধানলৈ এৰি দিলে। যাৰ ফলত পঞ্চ-পাণ্ডৱে ৰাজভূষণ খহাই বনবাস খাটিব লগা হয়। ৰাজনন্দিনী দ্ৰৌপদী ৰাজসভাত অপামানিত হৈ নাৰীৰ মৰ্য্যদা হেৰুৱালে। তথাপি নিমাত পিতামহ। অলৰ অচৰ স্থিতপ্ৰজ্ঞ শান্তনু নন্দন, যাৰ পৰাক্ৰমত থৰ থৰ কপিছিল শত ৰজা মহাৰজা। সেইজন সাহসী বীৰে কিন্তু নীতিৰ বান্ধোনত বান্ধ খাই নীৰৱে থাকিল৷ আমাৰ ভাৱ হয় কৌৰৱৰ কূট কৌশলৰ পৰা নিশ্চয় পিতামহ ভীষ্মই উদ্ধাৰ কৰিব পাৰিলোঁতেন; কিন্তু ইমান অন্যায় অনীতি কেনেকৈ সহ্য কৰি থাকিল। এইবোৰ আমাৰ সামান্য মগজুৰে ঢুকি নোপোৱা বিষয়। কৰ্ত্তব্যপৰায়ণ ভীষ্মই কেতিয়াও ৰজাৰ আদেশৰ বিপৰীতে মাত মতা নাছিল, মাত্ৰ নিজৰ অভিমত ব্যক্ত কৰিছিল— তাক ৰজাই গ্ৰহণ কৰে নকৰে সেয়া ৰজাৰহে কথা। ক্ষত্ৰিয় নীতি অনুসৰিয়েই যুধিষ্ঠিৰে পাশাখেলত যোগ দি পন ৰাখিছিল আৰু পৰিণাম ভোগ কৰিব লগা হৈছিল। তেনেস্থলত পিতামহে কেনেকৈ মাত মাতে। পাশাখেলত অংশ গ্ৰহণ কৰিবলৈও

যুধিষ্ঠিৰক কেতিয়াও পৰামৰ্শ দিয়া নাছিল। পাশাখেলত উদ্ভৱ হোৱা

১২/শান্তনু নন্দন