ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰাই অনাৰ দিহা কৰি বিদূৰ ঢাপলি মেলিলে৷ হস্তিনাপুৰত উখল-মাখল, ৰজা ধৃতৰাষ্ট্ৰই তেওঁলোকক আদৰিবলৈ উৎসৱৰ আয়োজন কৰালে। পঞ্চ-পাণ্ডৱ সোঁ-শৰীৰে ঘূৰি অহাত ধৃতৰাষ্ট্ৰই পৰম আনন্দ পাইছে বুলি যুধিষ্ঠিৰক জনালে। মনত যিয়েই নেথাকক ভতিজাপোহঁতক বঞ্চিত কৰিলে সকলোৱে হাঁহিব সেই কথা ধৃতৰাষ্ট্ৰই অনুভৱ কৰিছিল। নিজৰ ল'ৰা যিমানেই বেয়া নহওক তাকনো কেনেকৈ এৰে, গতিকে তাৰো আশাপূৰ্ণ কৰাত তেৱেঁই সহায় কৰিব লাগিব। সেয়ে যুধিষ্ঠিৰক হস্তিনাপুৰৰ পৰিবৰ্তে খাণ্ডৱপ্ৰস্থৰ ৰজা পাতিলে। খাণ্ডৱপ্ৰস্থ আচলতে মানুহ-দুনুহ নোহোৱা এডোখৰ এৰাপৰলীয়া অঞ্চল, সখা কৃষ্ণৰ কথামতে যুধিষ্ঠিৰেও সেই প্ৰস্তাৱত মান্তি হৈ মন প্ৰাণ দি খাণ্ডৱপ্ৰস্থক এখন ধুনীয়া নগৰলৈ ৰূপান্তৰ কৰি নাম ৰাখিলে ইন্দ্ৰপ্ৰস্থ।
সেই সময়ত শ্ৰেষ্ঠ বুলি প্ৰতি সকলে নিজৰ বীৰত্ব দেখুৱাবলৈ আৰু নিজকে কৰিবলৈ ৰাজসূয় যজ্ঞৰ আয়োজন কৰিছিল। ৰজা যুধিষ্ঠিৰেও ৰজা হোৱাৰ পাচত সকলোৰে পৰামৰ্শ অনুযায়ী মহা আৰম্বৰেৰে ৰাজসূয় যজ্ঞ পাতিলে। তালৈ কৌৰৱসকলৰ লগতে পিতামহ ভীষ্মও গৈছিল। পিতামহৰ দিহা মতেই যজ্ঞৰ শুভাৰম্ভ দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ হতুৱাই কৰায়। কুলৰ জ্যেষ্ঠজন হিচাপে পিতামহ ভীষ্মই পঞ্চ-পাণ্ডৱৰ উন্নতি দেখি পৰম সন্তোষ লভিলে আৰু আশীৰ্বাদ দিলে। মানিক মৰকতে সুশোভিত ৰাজপ্ৰাসাদৰ ৰূপ দেখি দুৰ্য্যোধনৰ অন্তৰাত্মাত আঘাট দিলে। প্ৰতিহিংসাৰ জুইঁকুৰাই তেওঁক দহি পেলালে। কেনেকৈ পঞ্চ-পাণ্ডৱৰ খিতাপ বিনাশ কৰিব পৰা যায় তাৰ বাবে মামা শকুণিৰ সতে বহি উপায় উদ্ভাৱন কৰাত নিমগ্ন হ'ল। আদৰৰ ভাগিনৰ সন্তোষ্টিৰ বাবে শকুণিয়ে পাং পাতিলে অন্যায় পাশাখেলৰ৷ পাশাখেলৰ প্ৰতি যুধিষ্ঠিৰৰ দুৰ্বলতা আছিল যদিও কুট
কৌশলী শকুণিয়ে পৰিচালনা কৰা খেলত যে তেওঁ জিকিব নোৱাৰে
শান্তনু নন্দন/১১