পিতৃ ৰজা হৈ থাকোতেই দুৰ্য্যোধন যুৱৰাজ হৈ ললে। মামা শকুণিয়েও ৰজা ধৃতৰাষ্ট্ৰক ৰাজ্যৰ ভূত-ভৱিষ্যতৰ একোখন ছৱি সদাই দাঙি ধৰিবলৈ ধৰিলে। কি কৰিলে কি হ'ব— কি কি কাম ৰজাই কৰা, নাই বা কৰিব পৰা নাই তাক ফাঁহ ফাহ কৰি দেখুৱাবলৈ ধৰিলে। তেওঁ এজন অন্ধ, আচল শাসনৰ বাঘজৰী পিতামহৰ হাততহে। পিতামহে যিদিনা জ্যেষ্ঠ পাণ্ডু যুধিষ্ঠিৰক ৰাজপাটত বহুৱাব সেইদিনাখনেই জ্যেষ্ঠ কৌৰবৰ ৰাজপাট খোৱা ভিকাচন ভাগিব। গতিকে সন্ধিৰ বাঁহ বুদ্ধিৰে কাটি সিদ্ধি লাভ কৰিব পৰাটোহে বুদ্ধিমানৰ কাম। দিনে নিশাই এনেবোৰ কথাকে অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ কাণত পিন্ধাই থকাত ধৃতৰাষ্ট্ৰইও একোবাৰত মনৰ সকলো দুৰ্বলতা জোকাৰ মাৰি দি টোপনিৰ পৰা সাৰ পোৱাৰ দৰে দিঠকত খেপিয়াবলৈ ধৰে। শকুনিৰ কু-চক্ৰান্তৰে বৰ্ণাবতত ৰাজ বিষয়া পুৰোচনৰ তত্বাৱধানত এটি প্ৰসাদ নিৰ্মাণ কৰা হয়। তাত ৰাজপ্ৰতিনিধিৰ এটি উৎসৱৰ ব্যৱস্থা কৰি যুৱৰাজ যুধিষ্ঠিৰ সহিত ভাতৃসকল আৰু মাতৃ কুন্তীদেবীক তালৈ পঠোৱাৰ আদেশ কৰা হ'ল। এইটো নিশ্চিত আছিল যে উক্ত প্ৰাসাদলৈ গৈ পঞ্চ-পাণ্ডৱ আৰু সোঁশৰীৰে ঘূৰি আহিব নোৱাৰে; সেই ঘৰটো আচলতে লা-জাতীয় দ্ৰাহ্য পদাৰ্থৰে ৰঙচঙীয়া কৰি নিৰ্মাণ কৰা হৈছিল। পুৰোচনক আগতে দিয়া দিহা মতে পঞ্চ পাণ্ডবে তাত আশ্ৰয় লোৱা দিনাই ঘৰটো জুই লগাই দিয়া হ'ব। কিন্তু কি হ’ব আয়ুসত চাউল থাকিলে কোনেও বিনাশ কৰিব নোৱাৰে। দুৰ্য্যোধনৰ সান্দহ খোৱা কাৰ্যত সেইবাৰলৈ তল নিয়াবলৈ চতুৰ বিদূৰে যে আন এটা পানী নসৰকা ব্যৱস্থা কৰি থৈছিল বেচেৰা দুৰ্য্যোধনে গমকে নেপাইছিল। পুৰোচনে নিৰ্মাণ কৰা আট্টালিকাৰ মজিয়াইদি এটি সুৰঙ্গ তৈয়াৰ কৰি ৰখাইছিল। সেইমতে পঞ্চ-পাণ্ডৱ বৰ্ণবাতলৈ যাওঁতে বিদূৰে যুধিষ্ঠিৰক কৈছিল— হাবিত জুই লাগিলে সকলো জীৱ মৰি জাহ গলেও এন্দুৰ বাচি থাকে কিয়নো সিহঁতৰ সুৰক্ষিত বাসস্থান
শান্তনু নন্দন/৯