ৰূপান্তৰিত কৰে ঠিক তেনেদৰে দুৰ্ভগীয়া ভীষ্মইও নিজৰ হাতেৰে গঢ় দিয়া হস্তিনাপুৰৰ সোণৰ সংসাৰৰ প্ৰজন্মই তেওঁৰ বাবেই কলুষ কালিমা সনা এক কাল নিশা কঢ়িয়াই আনিলে। নিজৰ জীৱনৰ স্বাৰ্থ ত্যাগ কবি পলে পলে গঢ় দিয়া সোণৰ সঁফুৰা স্বৰূপ হস্তিনাপুৰলৈ কাল অমানিশা আগুৱাই আহিল। মায়াময় সংসাৰৰ সকলো দুখ-যন্ত্ৰণা তিলে তিলে ভোগ কৰিবৰ কাৰণেই যেন পৰমেশ্বৰে তেওঁক পিতামহ কৰি ৰাখিলে। সুদীৰ্ঘ জীৱন কালত এই সকলো দুখ বেদনা আনন্দ-অশ্ৰু নীলকণ্ঠৰ দৰে পান কৰিব লগা হৈছিল। জ্যেষ্ঠ নাতি ধৃতৰাষ্ট্ৰ অন্ধ হোৱাৰ কাৰণেই বাজপাটৰ পৰা বঞ্চিত হব লগা কথাটো সহজভাৱে লব পৰা নাছিল। তেওঁৰ পুত্ৰও পাণ্ডু পুত্ৰতকৈ জ্যেষ্ঠ নোহোৱাত দিনে নিশাই মনত খুন্দিয়াই আছিল। তেওঁৰ ধাৰণা আছিল যুধিষ্ঠিৰ বংশৰ জ্যেষ্ঠপুত্ৰ, তেওঁহে হস্তিনাপুৰৰ সিংহাসনত বহিব পাৰিব। নিজৰ পুত্ৰ সিংহাসনত কোন দিনা বা বহিব পাৰে তাৰ কোনো ঠিক নাই। লোক চক্ষুত হেয় হোৱাৰ ভয়ত এনেবোৰ মনত খুন্দিয়া খুন্দি কৰি থকা দুৰ্ভাৱনাবোৰ মুখ ফুটাই প্ৰকাশো কৰিব নোৱাৰে। পিতামহ ভীষ্মই কিন্তু প্ৰতিটো কথা স্থিতপ্ৰজ্ঞৰ দৰে টং কৰি আছিল। তেওঁৰ কিন্তু একমাত্ৰ লক্ষ হস্তিনাপুৰৰ অকনো ক্ষতিখুন নোহোৱাকৈ ইয়াৰ স্বাৰ্থ ৰক্ষা কৰা।
পাণ্ডুৰ মৃত্যুৰ পাচত বনত বসবাস কৰি থকা নাবালক পঞ্চ-পাণ্ডৱক মাতৃ কুন্তীৰ সৈতে ৰাজধানীলৈ যেতিয়া চপাই বুটলি আনিলে তেতিয়াৰে পৰা জ্যেষ্ঠ কৌৰৱ দুৰ্য্যোধনৰ অকাৰণ প্ৰতিহিংসাৰ ভাৱ জাগ্ৰত হবলৈ ধৰিলে। ইফালে মামা শকুণিয়ে দিনে ৰাতিয়ে তেওঁক কুন্ধচ প্ৰবৃত্তিবোৰ জাগ্ৰত কৰাৰ ইন্ধন যোগাবলৈ ধৰিলে। ধৃতৰাষ্ট্ৰ নামতহে ৰজা— ৰাজকাৰ্য্যৰ আচল দায়িত্ব ভীষ্মৰহে আছিল। তদুপৰি ধৃতৰাষ্ট্ৰ নিয়মিতভাৱে ৰাজসিংহাসনত বহিব পৰা নাছিল। এতিয়া বংশৰ জ্যেষ্ঠজন হিচাপে যুধিষ্ঠিৰহে ৰজা হোৱা পথ প্ৰশস্ত। গতিকে
৮/শান্তনু নন্দন