কৃতকাৰ্য্যও লাভ কৰিছিল। নিজে যুৱৰাজ হৈও পিতৃৰ পৰিতৃপ্তিৰ কাৰণে সেই উত্তৰাধিকাৰী আসন পৰিত্যাগ কৰিলে। অথচ ৰাজ্য চলোৱাৰ চিন্তা তেওঁৰ মূৰৰ পৰা আতঁৰ নহ'ল। পিতৃৰ কাৰণেই ৰাজপাটৰ মোহ ত্যাগ কৰি বিয়াবাৰুত নোসোমাল— তথাপি ইটোৰ পাচত সিটো জঞ্জালে তেওঁক লগ এৰা নিদিলে। পুত্ৰ বধু অম্বিকা আৰু অম্বালিকাৰ গৰ্ভত জন্ম ললে ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু বিদূৰ নামৰ তিনিটা শিশু। বিদূৰ আচলতে দাসী পুত্ৰহে। ইফালে ধৃতৰাষ্ট্ৰ জন্মতে অন্ধ আৰু পাণ্ডু হ'ল পাণ্ডু ৰোগী। তথাপি দাসীপুত্ৰ বিদূৰ আছিল বিচক্ষণ বুদ্ধিৰ। এই নাবালক পুত্ৰসকলৰ লালন-পালনৰ দায়িত্বও মূৰ পাতি লব লগা হয় ভীষ্মইহে। তিনিওজন যেতিয়া উপযুক্ত বয়সত ভৰি দিয়ে তেতিয়া আকৌ তিনিওজনলৈ একোগৰাকী কন্যা বিচাৰি আনি দিয়ে। ধৃতৰাষ্ট্ৰৰ বাবে গান্ধাৰ ৰজাৰ কাষ চাপিল। তেওঁৰ জীয়ৰী গান্ধাৰীৰ বিবাহৰ উপযুক্ত বয়স হলেও জন্মান্ধ কোঁৱৰ এজনলৈ বিয়া দিবলৈ ইতস্ততঃ কৰিছিল; কিন্তু কন্যা গান্ধাৰীয়ে সেই প্ৰস্তাৱ আনন্দেৰে গ্ৰহণ কৰি পিতৃক সন্মতি জনালে। এই গৰাকী দৃঢ়মনা নাৰীয়ে স্বামীৰ সতে একেলগে সংসাৰৰ বাৰ্হিঃ দৃশ্য নেদেখিবলৈ চকুত পটি লগাই ললে। পাণ্ডুৰ কাৰণে মথুৰাজ বসুদেৱৰ ভগ্নী আৰু পৃথুৰজাৰ কন্যা কুন্তীদেবীক ঠিক কৰিলে। পাণ্ডুৰ আন এগৰাকী পত্নী হ'ল— মাদ্ৰী। যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুন হ’ল কুন্তীৰ আৰু নকুল, সহদেৱ হ'ল মাদ্ৰীৰ পুত্ৰ। এই পঞ্চ-পাণ্ডৱ পাণ্ডুৰ আৰু ধৃতৰাষ্ট্ৰৰ হ'ল এশ গৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তান।
ধৃতৰাষ্ট্ৰ অন্ধ কাৰণে ভায়েক পাণ্ডুৱে ৰাজ্য শাসন কৰিছিল। কিন্তু পাণ্ডুৰ মৃত্যুৰ পাচত ধৃতৰাষ্ট্ৰ ৰজা হবলৈ পায়। অৱশ্যে পাণ্ডুৰ মৃত্যুৰ আগেয়েই ককায়েকক ৰাজ শাসন গটাই বনলৈ গৈছিল। এই আহুকলীয়া সমস্যাৰ আউল মাৰিব লগা হৈছিল পিতামহ ভীষ্মইহে।
মকৰাই নিজৰ জাল নিজে তৈয়াৰ কৰি যেনেদৰে মৰণৰ ফান্দলৈ
শান্তনু নন্দন/৭