সমললৈ যাওক

পৃষ্ঠা:শব্দশিল্পৰ আখৰা.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অনন্ত হেঁপাহ

কথা নাপাতো দিয়া

কথা বুলিলেই বতাহ
কথা বুলিলেই লেঠা

বেৰৰো কাণ থাকে
কাণ বাগৰা কথা
কথা হৈ নাথাকে
ইকাণ সিকাণ ভ্ৰমি ফুৰা কথাই
উশাহ বন্ধ কৰে

কথা নাপাতো দিয়া
তাতোকৈ উশাহকে লওঁ ঘন-ঘনকৈ

বুকুৰ উত্তাপত বিলীন হৈ যাওঁ
পৰস্পৰে পৰস্পৰৰ
পোহৰততো বাদেই
আন্ধাৰতো নিৰন্তৰ

উশাহ মানেইতো জীৱন
জীৱনৰ সফল আয়োজন
উশাহে আঁজুৰি আনে প্রিয়জন
জীৱনৰ বাবে যাৰ প্ৰয়োজন

শব্দশিল্পৰ আখৰা / ৫৫