সমললৈ যাওক

পৃষ্ঠা:শব্দশিল্পৰ আখৰা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

খোজ মানে যদি যোগ
নিখোজ মানে নিতান্তই বিয়োগ
খোজটোৱে যে সফলভাৱে
কৰিব পাৰিছিল
জীৱনৰ যোগ-বিয়োগ

নিখোজ খোজটো
খোজ হৈ উভতি আহক
ন্যায়মূৰ্তিৰ সমুখেৰে
শোকসন্তপ্ত মানুহবোৰৰ কাষলে’ ।।

 


আকাল

কিমান যে ভাব আহে
কিমান যে ভাব আহি উভতি যায়
তথাপি কবিতা নহয়
কবিতাই কথা নকয়

আকাল : এয়াই নেকি তোৰ পৰিচয় ৷৷

শব্দশিল্পৰ আখৰা / ২৩