সমললৈ যাওক

পৃষ্ঠা:শব্দশিল্পৰ আখৰা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

গতিৰ গতি

ক’ৰোনাৰ ফাঁকে ফাঁকে কপৌ ফুলিছে
বেঙুনীয়া, হালধীয়া....

বসন্তৰ সমুখত
ক’ৰোনা কোন কুটা!

পানী

পুৱা উঠিয়েই ফোন নকৰিবা
ৰিচিভ্ কৰিবলৈও সময় নাথাকে
পানী ধৰাত ব্যস্ত থাকে জীৱনৰ নেটৱৰ্ক

পুৱা পানী আহে

পাইপৰ মাজেৰে সৰ্পিল গতিৰে
অকাই-পকাই বগাই বগাই
পুৱা পানী আহে
সেয়ে কৈছোঁ বৰ খৰধৰকৈ
কথা পাতি ভাল নালাগে

পানী প্ৰাণ পানী জীৱনৰ গান
তোমাৰ কথাও গান
পানীৰ দৰে
নুশুনি নোৱাৰি॥

শব্দশিল্পৰ আখৰা / ২০