সমললৈ যাওক

পৃষ্ঠা:শনি চৰিত্ৰ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩
শনি চৰিত

স্বর্ণ পার্ট হাতে ধৰি   কহিলা শ্রীবৎসৰাজ
সাক্ষাত প্ৰমাণ সবে পাইলা ॥
একখান স্বর্ণ পাট   দুখান কৰিবো আমি
দেখিওক সভাসদ গণ ।
এহি বুলি পাট হাতে   তাল বেতালক ৰাজা
সুমৰন্তে হৈলেক, দুখান॥
বিস্ময় ভৈলন্ত দেখি   যত সভাসদ গণ
বাহু ৰাজা বুলিলা বচন ।
দেবতা, গন্ধর্ব্ব, যক্ষ,   নাগ নৰ ইসবৰ
কোৱা বাপু তুমি কোনজন॥
পৰম সুভাগী আমি   পাইলো তোমাহেন স্বামী
ভদ্ৰাৱতী মোহোৰ জীয়াৰী ।
নভাণ্ডিয়া কোৱা মোত   স্বৰূপ কালিনী বাপু
পৰিচয় দিয়া শীঘ্র কৰি ৷৷

পদ

শ্বশুৰৰ বাক্য শুনি শ্রীবৎস নৃপতি।
ধীৰে ধীৰে বুলিবাক লৈলন্ত সুমতি ॥
শুনা শুনা মহাৰাজ আমাৰ বচন ।
উত্তম সহিতে হয় উত্তম মিলন ৷