সমললৈ যাওক

পৃষ্ঠা:শনি চৰিত্ৰ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২
শনি চৰিত

চিনিয়া শ্ৰীবৎস ৰাজ   কৰিলা আটক নৌকা
নিজ পৰিজনে আজ্ঞা দিয়া।
তেতিক্ষণে নৌকা হন্তে   স্বৰ্ণপাট যজ্ঞমানে
নমাইলন্ত নদীতীৰে নিয়া॥
হেন দেখি সিটো সাধু   ৰাজাৰ সভাত আসি
বুলিলেক কৰুণ বচন।
শুনিয়োক মহাৰাজ   তোমাৰ জামাতা ইটো
হৰিলন্ত মোৰ স্বৰ্ণ ধন॥
ৰাহু ৰাজা হেন শুনি   ক্ৰোধ কৰি জামাতাক
বুলিলন্ত কৰ্কশ বচন।
কিকাৰণে বণিকৰ   নৌকা লুট পাট কৰি
হৰিলা সমস্ত স্বৰ্ণ ধন॥
শ্ৰীবৎস নৃপতি বোলে   নোহে ইটো সাধুজন
বিষম তস্কৰ দুৰাশয়।
একখান স্বৰ্ণ পাট   কৰে যদি দুইখান
হৈবে ভাৰ নাহিকে সংশয়॥
হেন শুনি মহাৰাজ   সাধুক দিলন্ত আজ্ঞা
দ্বিখণ্ড কৰিবে স্বৰ্ণ পাট।
কুঠাৰ ধৰিয়া সাধু   দিখণ্ড কৰিবে যত্ন
কৰিলন্ত ৰাজাৰ সভাত।
কোনোমতে নপাৰিয়া   লাজে অপমানে সাধু
সভামাজে অধোমুখ ভৈলা॥