সমললৈ যাওক

পৃষ্ঠা:শনি চৰিত্ৰ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
শনি চৰিত

এহি গৃহে থাকা মনে নকৰিয়া দুখ ।
শুভদিন ভৈলে দুয়ো পাইবা মহাসুখ॥
দয়াবতী ভগৱতী দুর্গতি নাশিনী ।
তাহাৰ কৃপায় ভদ্ৰা হৈবা মহাৰাণী ॥
ভগৱতী আৰাধনা নযাইবে অথলে ।
শুভফল পাইবা ভদ্রা কিছুদিন গৈলে ॥
এহিমতে কথা জামাতাক সন্তোষিয়া ।
ৰাজাক জনাইলা ৰাণী অন্তঃপুৰে গৈয়া ৷৷
শ্রীবৎস চিন্তাৰ ইটো অপূৰ্ব্ব আখ্যান ।
মহাভাৰতৰ বনপূর্ব্বে বিদ্যমান ॥
একমনে শুনে যিটো লভে মহাজ্ঞান ।
শিৱপদ স্মৰি ৰচে দীন অভাজন॥

শ্ৰীবৎসৰ লগত চিন্তাৰ মিলন।
ছবি

কৃষ্ণ মুখে শ্রীবৎসৰ   দুর্গতি কাহিনী মানে
 শুনিলন্ত পাণ্ডৱ সকল
দ্রুপদ নন্দিনী দেবী পুছিলা কৃষ্ণত পুনু
 কৈয়ো প্রভো পাছে যেন ভৈঙ্গ॥