সমললৈ যাওক

পৃষ্ঠা:শনি চৰিত্ৰ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
শনি চৰিত

এহি বুলি উচ্চৈ স্বৰে কান্দে নৰমনি ।
হেন দেখি প্রবোধি বুলিলা মহাৰাণী॥
অচিন্ত্য শকতি সেই প্ৰভু নাৰায়ণ ।
সৃজন পালন লয় যাহাৰ কাৰণ॥
মায়াৰ হইয়া বশ সংসাৰ ভিতৰ।
মোহজালে মুগ্ধ হয় জীৱ নিৰন্তৰ॥
স্থিৰ কৰি চিত্তৰাজা চিন্তিয়োক মনে ।
আছোহো সমস্ত আমি মায়াৰ বন্ধনে॥
কোন কাৰ পিতা কোন কাৰ মাতা হয় ।
স্বৰূপত চিন্তা কৰি চোৱা মহাশয়॥
অসাৰ সংসাৰ এই কিছু নাহি আত ।
মায়াবন্ধ ছিঙি লৈয়ো আশ্রয় ধৰ্ম্মত ॥
ত্ৰৈলোক্যৰ বন্ধু ধৰ্ম্ম সংসাৰত সাৰ ৷
ধৰ্ম্ম বলে সংসাৰ সমুদ্ৰ হৈবা পাৰ॥
ৰাজাক বুলিলা হেন সান্ত্বনা বচন ৷
বাহিৰ উদ্যানে ৰাণী কৰিলা গমন॥
দেখিলন্ত আছে ভদ্ৰা স্বামীৰ কাষত ।
আনন্দে মগন পতি পাইয়া মনোমত॥
মনে দুখ কৰি ৰাণী কন্যা কোলে লৈলা ।
বস্ত্ৰৰ আঁচল দিয়া মুখক মছিল।॥
কন্যা-জামাতাক আনি বাহিৰ গৃহক ।
বুলিলেক মহাৰাণী সুমধুৰ বাক॥