সমললৈ যাওক

পৃষ্ঠা:শনি চৰিত্ৰ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
শনি চৰিত

ৰাজ্য নাশ আৰু  বনবাস হুয়া
 শেষে স্ত্ৰী বিচ্ছেদ ভৈলা॥
এহি বুলি ৰাজা  নদী কূল ধৰি
 চলি গৈলা বিমৰিষ।
সবাকো পুছিয়া  চিন্তাৰ বাৰতা
 নপাইলা একো উদ্দিশ॥
ভ্ৰমে নানা স্থান  গহন কানন
 দুখে শোকে অনাহাৰ।
শৰীৰ শুকাইল  প্ৰাণ মাত্ৰ ৰৈল
 বিৰহে প্ৰিয়া ভাৰ্য্যাৰ॥
দেখা সভাসদ  দৈৱৰ নিৰ্ব্বন্ধ
 কোনে খণ্ডাইবেক পাৰে।
ধৰ্ম্ম কৰা সাৰ  কহে দীনজন
 বন্দিয়া শিৱৰ পাৱে॥