সমললৈ যাওক

পৃষ্ঠা:শনি চৰিত্ৰ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
শনি চৰিত

চিন্তাদেবী লৈয়া সাধু নৌকাৰ ওপৰে ৷
চলিল দক্ষিণ পণে হৰিষ অন্তৰে ॥
কান্দিবে লাগিলা ৰাণী শোকাকুলা হৈয়া ।
ঘটাইলোঁ এনুৱা পতিবাক্য উপেক্ষিয়া ॥
উপায় নেদেখি ৰাণী কান্দিলা বিস্তৰ ।
ব্যস্তভাৱে ডাকে দেবী দেৱ দিনকৰ ॥
অখিল বিশ্বৰ পিতা, দেৱ দিনমনি ।
সঙ্কটে পৰিয়া ডাকোঁ অৱলা ৰমণী ॥
দিওক কুৰূপ মোৰ ৰূপক লইয়া ।
এহি বুলি কান্দে ৰাণী বস্ত্ৰ ভিজাইয়া ॥
তুষ্ট হইয়া দিবাকৰ বুলিলেক বাণী ।
ভয় নাই ভয় নাই চিন্তা মহাৰাণী ॥
আমি সূৰ্য্য তযু ৰূপ কৰিয়া হৰণ |
দিলোঁ জৰাজীৰ্ণ ৰূপ কবিও ধাৰণ ॥
প্রয়োজন মতে সতী মোহোক সুৱঁৰি ৷
নিজৰূপ পাইবা শেষে কইলোঁ নিষ্ট কৰি ॥
এহিমতে চিন্তাসতী জৰাৰূপ ধৰি ।
ৰহিলা সাধুৰ সেহি নৌকাৰ ওপৰি ॥
ইমতে প্রতিজ্ঞাপূর্ণ কৈলা শনৈশ্চৰ ।
স্ত্রীভেদ ঘটাইলা দেখা শ্ৰীবৎস নৃপৰ ॥
ব্যাসদেৱ বিৰচিত শ্ৰীমহাভাৰত ।
চিন্তাৰ আখ্যান আছে অৰণ্য পৰ্ব্বত ॥