এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
শনি চৰিত
হেলা কৰি মোক ভাবিয়া হীন।
স্বৰ্গচ্যুত ইন্দ্ৰ অনেক দিন॥
মোহোৰ সঙ্গে কৰি দুৰ্ব্বিবাদ।
শ্ৰীহৰি সাধিলা নিজ প্ৰমাদ॥
বৈকুণ্ঠ এৰি দেব নাৰায়ণ।
কৰিলন্ত কীট ৰূপ ধাৰণ॥
দৈত্যপতি বলি কোপে মোহোৰ।
বান্ধ লৈয়া গৈলা পাতালপুৰ॥
ভুবন পূজ্য আমি শনৈশ্চৰ।
মোক অৱহেলা কৰ বৰ্ব্বৰ॥
পৃথিবী পতি তই মহাৰাজ।
শ্ৰেষ্ঠা পূজ্যা লক্ষ্মী জগত মাজ॥
ভাল বাদ কৈলি মোহোৰ সতে।
দেখোঁ লক্ষ্মী তোক ৰাখে কিমতে॥
এতেক বুলি পাছে শনৈশ্চৰ।
আকাশগামী ভৈলা গ্ৰহবৰ॥
শনিৰ এতেক শুনি বচন।
ভৈলন্ত শ্ৰীবৎস বিষাদ মন॥
বুলিলন্ত ৰাজা ভাৰ্য্যাক চাই।
ঘটিলন্ত শনি দোষে সমুদায়॥
দৈব দোষে ভৈল এনুৱা গতি।
হৰিৰ পদে নছাৰোক মতি॥