এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
শনি চৰিত
কিবা দিবো পৰিচয় মুখে নাসে কথা।
দৈৱৰ কাৰণে ভৈল এনুৱা অৱস্থা॥
শ্ৰীবৎস নৃপতি আমি এই চিন্তা ৰাণী।
দৈব বশে বনে আমি আছোঁ দুটি প্ৰাণী॥
শুনিয়া কাণ্ডাৰী বোলে শুনা মহামতি।
তাল বেতাল সিদ্ধ যে আছিলা নৃপতি॥
মন্ত্ৰীসব, ভাই বন্ধু অনুচৰ গণ।
বিপদ সময়ে কৈক গেল হে ৰাজন॥
হেন শুনি বুলিলন্ত শ্ৰীবৎস নৃপতি।
অসাৰ সংসাৰ এই জানিও সুমতি॥
পিতা মাতা ভাই বন্ধু মায়াৰ সৃজন!
পুত্ৰ পৰিবাৰ আদি মায়াৰ বন্ধন॥
নিজ নিজ কৰ্ম্মফল ভুঞ্জে জীৱগণ।
জানিয়া ধৰ্ম্মত মতি ৰাখে সুধীজন॥
অনিত্য সংসাৰ ইটো অসাৰ বাসনা।
স্বপ্নপ্ৰায় অলীক সংসাৰ ইটো জানা॥
হাসিয়া কাণ্ডাৰী বোলে শুনা নৰপতি।
দেখা মোৰ ভগ্ন নৌকা জীৰ্ণ শীৰ্ণ অতি॥
যেনে তেনে দুইজন হৈবে পাৰা পাৰ।
তিনিজন ভৈলে ভয় আছে ডুবিবাৰ॥
বিচাৰ কৰিয়া চোৱা নৃপ নিজ মনে।
পত্নী লৈয়া আগে পাৰ হোৱা সাৱধানে॥