সমললৈ যাওক

পৃষ্ঠা:শনি চৰিত্ৰ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
শনি চৰিত

শনি দোষ নষ্ট ভৈলে পুনৰাই পাইবো লগ
 যদি দৈব নিৰ্ব্বন্ধ আছয়॥
স্বামীৰ এনুৱা বাক্য  শুনি চিন্তা মহাসতী
 কহিবে লাগিলা ধীৰ কৰি।
ইহেন নিৰ্দ্দয় কথা  কি সতে কহিলা নাথ
 কিমতে থাকিবো প্ৰাণ ধৰি॥
পিতৃ গৃহে যাইবাৰ  নোহে যে সময় ইটো
 বিপদ সাগৰ ঘোৰ আগে।
অৰ্দ্ধাঙ্গিনী ৰূপে আমি  সুখ দুখ নিৰন্তৰে
 থাকিবে তোমাৰ সঙ্গে লাগে॥
ভাৰ্য্যা বাক্য মনে গুণি  শ্ৰীবৎস নৃপতি পাছে
 মনে চিন্তি কৰিলন্ত স্থিৰ।
বনক চলিয়া যাইব  নিজ ভাৰ্য্যা সঙ্গে কৰি
 এৰাইবাক প্ৰভাৱ শনিৰ॥
মধ্যৰাত্ৰি যেবে ভৈল  জগত নিদ্ৰাৰ কোলে
 উঠি ৰাজা সেহি শুভক্ষণে।
সঙ্গে কৰি চিন্তাসতী  নিঃশব্দে চলিয়া গৈলা
 প্ৰবেশ কৰিবে ঘোৰ বনে॥
হেনকালে লক্ষ্মী মাৱ  সাদৰে বুলিলা আসি
 শুনা ৰাজা আমাৰ বচন।
তুমি যৈতে থাকা গৈয়া,  আমিও থাকিব তৈতে
 নেৰিবো তোমাক কদাচন॥