পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০২
চতুৰ্থ স্কন্ধ

এত অথন্তৰে শিব প্ৰবেশ কৰিল।
শূল হস্ত বৃষাৰুঢ় চক্ষু ও ফুল॥
বৃ্য হন্তে নামি পাচে ভক্তি সহকাৰে।
প্ৰণামিল জগন্মাথে দেব দিগম্বৰে॥
শুদ্ধ শান্ত-লক্ষী কান্ত দেব পৰাৎপৰ।
ৰত্ন সিংহাসনে বসি আছে মুৰহৰ
কিৰীট কুণ্ডল চক্ৰধাৰী বনমালী।
লম্বিত মুকুতা মালা ৰতন দুকুলী॥
নবীন নীৰদ শ্যাম বৰ্ণ চতুৰ্ভুজ।
চন্দনে চৰ্চ্চিত তনু নব পীত বাস॥
সুন্দৰ বদন খেত চামৰে ধুলায়।
কৰ্পূৰ তাম্বুল লক্ষ্মী শ্ৰীহস্তে যোগায়॥
অপেশ্বৰী বিদ্যাধৰী নৃত্য গীত কৰে।
তাক দেখি ঈষদ্ধাস্য ৰক্তিম অধৰে॥
পৰম আতমা দেবভক্ত অনুগ্ৰহি।
ভকতি ৰোচন ৰূপধৰি আছা বহি॥
সেহি ভগবানে শিব প্ৰণাম কৰিল।
সূৰ্য্য সমে ব্ৰহ্মা দেবো শিবক নমিল॥
স্ততি নতি কৰি সবে হৰত তুষিল।
তুষ্ট হুই সদাশিব আসনে বসিল॥