পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৬
শ্ৰীশ্ৰীদেবী ভাগবত।

প্ৰহ্লাদৰ স্তুতি॥

পদ।

জগত জনননী দেবী তুমি মহা মায়া।
সৃষ্টি স্থিতি প্ৰলয় কাৰিণী কাল ছায়া॥
ভকত অভয়দাত্ৰী সবাৰ জননী।
প্ৰণামোহো সৰ্ব্ব শক্তিৰূপী নাৰায়ণী॥
এত বলি প্ৰণামিল প্ৰহলাদ স্বজন।
বিষ্ণু ভক্ত পৰমাৰ্থ তত্ত্বি মহাজন॥
হাত যুৰি সত্ৰ ভাবে স্তুতি অৰম্ভিল।
দুই চক্ষু হন্তে প্ৰেম লোতক জৰিল॥
ইটো চৰাচৰ যাৰ সৰ্প মালা যেন।
সৰ্ব্ব অধিষ্ঠাণ ৰূপে কৰোহো প্ৰণাম॥
স্থাবৰ জঙ্গম যত চৰাচৰ বিশ্ব।
অন্যক নিমিত্ত কৰি সৃজিছে সমস্ত॥
প্ৰণামোহো মহামায়া সবাৰ জননী।
দেব দৈত্য আদি সমস্তৰ শিৰোমনি॥
সতো জনে স্বধৰ্ম্মে আছয় জগদ্ধাত্ৰি।
তোমাৰ কিভেদ দেব দৈত্য উভয়তি॥