পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


আকাশী নিয়ৰ দৰে তোমাৰ আশীষ বাণী

মৰুময় সংসাৰত বিতৰক শান্তি পানী।
তোমাৰ কৰুণাকণা পাৰে যেন জীৱনত
ভক্তিৰ আঁজলি দিওঁ সাদৰেৰে চৰণত
নাই মোৰ সাতশৰি গজ মুকুতাৰ হাৰ
নাই মোৰ চিক্‌ মিক্‌ হীৰা বছা অলঙ্কাৰ।
ভগা বীণা খনি মোৰ নোৱাৰোঁ তুলিব তান
নোৱাৰোঁ মধুৰ সুৰে ৰচিব নতুন গান।
কিহেৰে পুজিম দেৱ আজি এই শুভ দিনে?
ভাবতে বিমোৰ হই নিৰাশ আকুল মনে—
অনিলোঁ বনৰ ফুল বনে বনে ফুৰি ফুৰি
কপাহী সুতাৰে দেৱ গাখিলোঁ ই মালা ধাৰি
চকুলো সমল মোৰ ক্ষুদ্ৰ এই অভাগাৰ
লোৱা দেৱ লোৱা আজি হৃদয়ৰ উপহাৰ।

শ্ৰীযতীন্দ্ৰনাথ দুৱৰা।
___________