পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৮৬ শঙ্কৰদেৱ । শূদ্ৰ কুলত ঈশ্বৰাৱতাৰ হব, তেওঁলৈ এই গ্রন্থখনি পঠাই দিবা ।” এতিয়া তোমাক লগ পালো, তুমি পুথিখনি গৈ তেওঁৰ ওচৰলৈ যোৱা , তেওঁক বাদত । তুমি কেতিয়াও পৰাস্ত কৰিব নোৱাৰা ; সেইদেখি আৰু পঢ়াৰ আৱহ্যক নাই ; তেওঁৰ সমীপত থাকিলেই তোমাৰ সকলো জ্ঞান লাভ হব ।” দশমৰ নিচিনাকৈ একাদশতে৷ কীৰ্তনঘোষা পুথিৰ ভিতৰ পদ আনেক আছে ; সেইবোৰ দেখুৱাবলৈ গলে । অনেক বাটি যায় দেখি একাদশ স্কন্ধৰ কথা আমি এই খিনিতে ওৰ পেলালে। ষষ্ঠ আধ্যা । শঙ্কৰদেৱৰ একাদশ স্কন্ধ আদি আন আন পুধিৰ ৰচনাৰ বিষয়ে যি কথা কোৱা গৈছে, “দ্বাদশতো" দেই কথাই খাটে । দ্বাদশত—“যুগৰ লক্ষণ যুগধৰ্ম্ম চাৰি বিধ । কহিলা কলিত একো ধৰ্ম্মে নাহি সিধ। ) অধৰ্ম্মে কৰিবে আসি কলিত বিপ্লৱ। হৰি কীৰ্ত্তনেসে তাৰ পাপ পৰাভৱ। \ চাৰি বিধ প্ৰলয় কহিলে। মহাভাগ । । পৰীক্ষিত নৃপতিৰ তাতে তচুত্যাগ । সর্প সত্র, মার্কণ্ডেয় মায়া দৰিশন বেদ শাখা । ভেদ মহাপুৰুষ লক্ষণ ॥' আৰু বাৰও স্কন্ধৰ সাৰ সংগ্ৰহ ইত্যাদিয়েই থকা কথাৰ সংক্ষেপ লেখ । দ্বাদশৰ কিছুমান পদ সংক্ষেপতে আজিকালিৰ অৱস্থাৰ এনে প্রকাশক যে তলত স্থাকিচেৰেক তুলি দিয়াৰ লোভ সামৰিব। নোৱাৰিলোঁ11 — ‘‘তাহাৰ প্ৰভাৱ হৈব তাহাৰে আচাৰ । ধৰিবে। চাৰিও জাতি ধৰ্ম্মক ৰাজাৰ ॥”