পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭ নং

শ্ৰীশ্ৰীশঙ্কৰ দেৱ

কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি
তৱ পূণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি?
নীৰলে বজাই বীণ কোন কবি কাননত
স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত?
মধুৰ ঝঙ্কাৰ তাৰ গভীৰ উদাৰ সুৰে
আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে।
যি বীণাৰ সুৰেৰেই প্ৰেমমন্দাকিনী ধাৰা
অসীম সাধন বলে নমালা স্বৰ্গৰ পৰা।
বোৱালা ভক্তিৰ সোঁত দিলা ধৰ্ম্ম দিলা জ্ঞান
দিলা ভাষা অসমক কৰিলা জীৱন দান।
তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্য কাৰ,—
গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ।
অসমৰ ৰীতি নীতি অসমৰ সদাচাৰ
অসমৰ ধৰ্ম্মভাব অসমৰ ব্যৱহাৰ—
সকলোকে তুমি দেৱ সজালা নতুন সাজে
তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে।
তোমাৰ নামৰ ধ্বনি গাঁৱে গাঁৱে সবাহত
উঠিছে আকাশ ভেদি কীৰ্ত্তনৰ প্ৰসঙ্গত।