৬৪ শংকৰদেৱ | কীৰ্ত্তনৰ প্ৰহলাদচৰিত্ৰ ছোৱাত শঙ্কৰদেৱে দুই চাৰি উজু কথাৰে চাৰি সিদ্ধৰ এনে বর্ণনা দিছে, যে আন কবিয়ে কিজানি পুথিৰ দুপাঠ পূৰাহ হে সেই কাম কৰিব পাৰিলেহেঁতেন। কাল । মায়া আদিৰ অধিকাৰী । কৃষ্ণ যেনে, কৃষ্ণৰ বৈকুণ্ঠধাম যেনে তাত ফুৰোতা চাৰিজন নিৰ্ম্ময়া ঋষিও তেনে -'পঞ্চ বৰষীয়া শিশু- শঙ্কাশ | নাহিকে বস্ত্ৰ সবে দিগবাস। ॥ আনন্দে লোকক চাহন্তে । ফুৰি। দিনেক দেখিল বৈকুণ্ঠপুৰি । দেখিয়া পাছে হেন, চাৰি । সিদ্ধ । দেখন্তে শিশু বয়সত বৃদ্ধ ||” বৈকুণ্ঠ পুৰীৰ প্ৰধান লক্ষণ কি ?—“বৈকুণ্ঠ নগৰী নিপৰুম । নাহি যাত কালৰ বিক্ৰম ॥" বৈকুণ্ঠত কেনে লোক থাকে ? --“দূৰতে ধৰ্ম্মক পৰিহৰি। যিটো চিন্তে হৃদি ৰূপ ধৰি ॥ নিতান্তে কীৰ্ত্তন মাত্ৰ কৰে। বৈকুণ্ঠত থাকে সিটো নৰে || বৈকুণ্ঠত বৈষ্ণৱসকলে যে হৰি গুণ গায়েই, ভোমোৰা আাৰু চৰাই আদিয়েও গায় আৰু শুনে। “ভ্মৰ-ৰাজে গাৱে হৰি গীত । যতেক পক্ষী তাতে দিয়ে চিত ॥ নকৰে আৰাৱ থাকে নিচুকে । কৃষ্ণৰ চৰিত্ৰ শুনে উৎসুকে ॥”. মূৰ্ত্তি ধৰি বেদশাস্ত্ৰগণ৷ । কৰে বেঢ়ি মহিমা কীৰ্ত্তন ৷|” দুৱৰী দুজনে। এনে বৈকুণ্ঠৰ অনুপযুক্ত আচৰণ কৰা বাবে ঋষি চাৰিজনে তেওঁলোকক ঠিক কথাকে কৈছিল--"বৈঞ্চৱ বোলা তোৰা দুয়োজন । বৈকুণ্ঠবাসীৰ নুহি লক্ষণ। প্রশান্তপুৰুষ আনন্দময়। তাহান্তো তোমৰা কৰা সংশয় ॥ পাৰিষদ বোলাই কৰস চটি । নুহিকে বৈষ্ণৱ দুয়ো কপটী ॥ বৈকুণ্ঠৰো আন দুৰ্যশ বৰ ।” বৈকুণ্ঠৰ অধিপতি যদিও নিৰাকাৰ, নিৰ্ব্বিকাৰ, তথাপি তেওঁ ভকতৰ অৰ্থে হে মূৰ্ত্তি পৰিগ্ৰহ কৰে —“ধৰিছা মূৰ্তি ভকতৰ
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৬৬
অৱয়ব