পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯
তৃতীয় আধ্যা


ৰচনা প্ৰণালী কেনে শুৱল, কেনে কবিত্বপূৰ্ণ আৰু সি কেনে (Mastermind) প্ৰতিভাশালী লোকৰ ৰচনা, তাক যি পঢিছে সিয়েই সেই কথা ভালকৈ অনুভৱ কৰিছে, অকল আমি নহয়। উদৰ সংক্ষেপ কথাৰে কেনেকৈ তাত ভগৱন্তৰ দশ অৱতাৰ বৰ্ণনা কৰা হৈছে, পঢ়িলে মনত অতুল আনন্দৰ উদ্ৰেক হয়। জয়দেৱৰ “প্ৰলয় পয়োধিজলে কৃতবনসি বেদং,” ইত্যাদি— সুললিত সংস্কৃত কবিতাৰে হে ইয়াৰ তুলনা হয়। আৰু এটা কথা সদায় দেখা যায়, যে শঙ্কৰদেৱে সংস্কৃত শ্লোকৰ যত পদলৈ ভাঙনি কৰিছে, সংস্কৃত শ্লোকটোৰ যদি দুই চৰণ বা চাৰি চৰণ থাকে, তেন্তে প্ৰায় তেওঁৰ পদৰো তেনেকুৱা দুফাকি বা চাৰি ফাকি হে হয়। বিশেষভাৱে তাৰ ভিতৰলৈ নগৈ ডোখৰচেৰেকলৈ পাঠকৰ মন আকৰ্ষণ কৰিম। —‘প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন। সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ” তাৰ এই আৰম্ভনেই এক মূহুৰ্ত্তৰ ভিতৰতে পাঠকক এজন অনাদি অনন্ত সৰ্ব্বশক্তিমান সৰ্ব্বব্যাপী

[১]

  1. মাধৱদেৱে পুথিখন পাই—

    দেখি পুথিখান আনন্দিত মন, তাৱক্ষণে ডঠিলন্ত।
    শিবৰ ওপৰে, পুথিখান আতি আনন্দতে নাচিলন্ত॥
    বোলা উচ্চ কৰি, কেন উপকাৰী আমাৰ ৰামচৰণ।
    দেখা দেখা লোক, কহোঁ শুনিয়োক, পূৰ্ব্বে এহি পুথিখান॥
    পায়া সংসাৰক আমি পাশৰিলোঁ, ইটো থানে থানে গৈল।
    অংক এক থান কৰিবাক প্ৰতি পূৰ্ব্বে মোৰ মন ভৈল॥
    এতেকে ই ৰাজ্যে আইলোঁ, এক থান কৰিবাক নাপাৰিলোঁ।
    ৰমাচৰ্ণে আৰু এক ঠাই কৰি মোৰেসে কাম কৰিল॥
    এহিবুলি পুথি মেলি চাহিলন্ত, কৈত কোন কথা আছে।
    যৈত যিবা কথা শৈবে লাগে থৈছে, বিচাৰি দেখিলা পাছে।” দৈতাৰি।