পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮
শঙ্কৰদেৱ।

যাত্ৰা” পুথিও এৱেঁই কৰিছিল। জগন্নাথপুৰাণৰপৰা এই ঘুনুচা যাত্ৰা তেওঁ ৰচনা কৰিছিল বুলি তেওঁৰ ভণিতাত আছে—

 শুনিয়োক নৰ মাৰী ছৰ একমন। জগন্নাথ পুৰাণৰ কথা বিতোপন॥ নাৰদৰ আগে যেবে ব্ৰহ্মায়ে কহন্ত। জগন্নাথ বাত্ৰা ঘূহচাৰ গৃহাগত॥ মাধৱৰ পাদপদ্ম চিন্তিয়া মনত। মতি অনুসাৰে নিবন্ধিলোঁ পদ যত॥ নিবন্ধিলোঁ শ্লোক অৰ্থ অবগাই। নকৰিবা নিন্দা মোক শাস্ত্ৰক নাচাই। আনো শাস্ত্ৰ মত আনি মিশ্ৰ কৰি মাজে। পদ্যাৰ্থে ৰচিলোঁ যেবে বুজে সামৰাজে” —ঘুনুচা।

 শঙ্কৰদেৱ ঢুকুৱাৰ পিছলৈকে কীৰ্ত্তন পুথিখনৰ একো একো ছোৱ একে একে ঠাইত আছিল, গোটেই খন পুথি একে ঠাইতে নাছিল। কেতবোৰ হাজত, কিছু মান দক্ষিণ কুলত, বৰনগৰত, বৰপেটাত, উজানত কালজাৰত আছিল। শঙ্কৰদেৱে তেওঁৰ মৃত্যুৰ কিছুকালৰ আগেয়ে কীৰ্ত্তন পুথিখন গোটাই একে ঠাই কৰিবলৈ মাধৱদেৱক কৈছিল, কিন্তু মাধৱদেৱ বেহাৰলৈ যাব লগীয়া হোৱাত, ইচ্ছা থকাটো তেওঁ সেই কাৰ্য্য কৰি উঠিব পৰা নাছিল। মাধৱদেৱ বেহাৰত থাকোঁতেই তেওঁৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰে প্ৰায় এবছৰ কুৰি পুথিখন একে ঠাই কৰি বেহাৰত মাধৱদেৱক

দিলত মাধৱদেৱে আনন্দত নৃত্য কৰিবলৈ ধৰিলে।[১]কীৰ্ত্তনত

  1. পাছে কতো দিনে, শ্ৰদ্ধা ভৈল মনে, ৰামচৰণৰ জনে।
    ঠাই ঠাই ঘোৰ কীৰ্ত্তন আছয়, কৰোঁ আনি এক খানে॥
    কতো আছে হাজো, দক্ষিণ-কুলতা কতো বৰনগৰত।
    কতো বৰপেটা, অসম ৰাজ্যত, কতোহো কালজাৰত॥
    বছৰেক মান ফুৰি একখান কৰিলা৷ ঘোষা কীৰ্ত্তন।
    মাধৱদেৱক পুনু দেখিবাক গৈলন্ত ৰামচৰণ॥