পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।
—:•:—

 এই পুথিত আমি মহাপুৰুষ শঙ্কৰদেৱৰ জীবন-চৰিত্ৰ বহলকৈ লেখিবলৈ যোৱা নাই। শঙ্কৰদেৱৰ জীবন-চৰিত্ৰ পুথি কেইবাখনো আছে, সেইবোৰৰ দ্বাৰাই সেই কাৰ্য্য সাধিত হৈছে। আমাৰ ঘাই অভিপ্ৰায়,—শঙ্কৰদেৱৰ জীৱনৰ কিছুমান কথা আলচ কৰি মুকলি কৰিবৰ চেষ্টা কৰা; আৰু তেওঁৰ অমূল্য গ্ৰন্থবোৰত থকা ৰচনাৰ সোন্দৰ্য্য, ওখ জ্ঞানোপদেশ আৰু শিক্ষা আদিলৈ আঙ্গুলিয়াই দি, পাৰিলে সেইবোৰলৈ লোকৰ মনযোগ আকৰ্ষণ কৰা। অৱশ্যে আমি শঙ্কৰদেৱবিৰচিত এটাইবোৰ পুথিৰ আলচ এই গ্ৰন্থত কৰিব পৰা নাই; কাৰণ একেকুৱা সৰু গ্ৰন্থ এখনত সেই কাম কৰিবলৈ গলে ঠিক ভুৰুকাত হাতী ভৰাবলৈ যোৱা যেন হয়।

 এই পুথিত দিয়া দুটা এটা কথাত আমি আমাৰ শ্ৰদ্ধাস্পদ বন্ধু শ্ৰীযুত কনকলাল বৰুৱাৰপৰা সহায় পোৱা বাবে তেওঁৰ ওচৰত আমাৰ কৃতজ্ঞতা জনালোঁ।

“হাওড়া লৰেলচ্।”
শাওণ। ১৮৩৩ শক। ১৮১১ খৃষ্টাব্দ।
} গ্ৰন্থকাৰ।