তৃতীয় আধ্য ।
- এই ওৰেষা বর্ণনতে কীৰ্ত্তন সমাপ্ত । শ্রদ্ধাস্পদ শ্ৰীযুক্ত হৰিবিলাস আগৰৱালা ডাঙৰীয়াই ছপোৱা কীৰ্ত্তনত শ্ৰীধৰ কন্দলি বিৰচিত “ঘুনুচা কীৰ্ত্তন’" বুলি এছোৱা ইয়াৰ পিছত দিয়া হৈছে |
হাতে-লেখা অনেক কীৰ্ত্তন পুথিতো কীৰ্ত্তনৰ সামৰণি ঘুনুচা যাত্ৰাত হে কৰা হৈছে । কিন্ত্র কমলাবাৰী আদি প্ৰধান প্ৰধান মহাপুৰুষীয়া সত্ৰত নাম-প্ৰসঙ্গত এই ঘুনুচা যাত্রা ব্যৱহাৰ কৰা নহয়। তাৰ কাৰণ বিচাৰিলে স্পষ্ট দেখিবলৈ পোৱা যায় যে সি বাস্তবিক। কীৰ্ত্তনৰ ভিতৰত সোমাবৰ উপযুক্ত নহয়। তাৰ ৰচনা প্ৰণালী কীৰ্ত্তনতকৈ তল খাপৰ । তাৰ বাহিৰেও কীৰ্ত্তনৰ প্ৰধান লক্ষণেৰে সৰ্ববিবৰ্জিত। সেই দেখি সেইছোৱা মহাপুৰুষীয়া ঘাই সত্ৰৰ সন্ত সাধুসকলৰ ব্যৱহাৰৰ’বা স্বভাৱতে বাদ পৰিছে। । ঘুনুচা যাত্রা প্ৰণেতা শ্ৰীধৰ কন্দলিৰ প্ৰাৰ্থণা এৰাব নোৱাৰি শঙ্কৰদেৱে যদি তাক কীৰ্ত্তনৰ শেহত ঠাই দিছিল, তথাপি সি কার্যাত অনাদৰণীয় হৈ পৰিল । বিশেষ ওৰেষা বৰ্ণনাতে কীৰ্ত্তন সমাপ্ত হৈছে । শ্ৰীধৰ কন্দলি বিখ্যাত “কাণ-খোৱা” পুথিৰ ৰচক। মহাভাৰতৰ "অশ্বমেধপৰ্ব্ব পদ এৱেঁই কৰিছিল । ওপৰত কৈ অহা "ঘুনুচা fৰছ কবিশেখৰে কহিলা হেন সাৰ | হৰিনাম লৈয়া সবে হয়োক নিস্তাৰ ৷ " কীৰ্ত্তন ।
- * *
ৰত্নাকৰ কলিন্দি ৰহিলা হেন সাৰ । ৰাম নাম বিনা নাই সংসাৰ নিস্তাৰ ।|" কীৰ্ত্তন ।
* * *
ওৰেষাৰ কীৰ্ত্তনক শুনিয়ো লোকাই । শঙ্কৰে ৰচিলা ব্ৰহ্ম-পুৰাণক চাই ।| কীৰ্ত্তন