পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পুণ্যৰ ফলত তুমি শঙ্কৰৰত্ন লাভ কৰিছা; চাঁবা যেন তুমি এই মানিকক কাঁচৰ মোলত নেবেচা !

চৈত্যন্য ধৰ্ম্মৰ শীঘ্ৰে অৱনতিৰ আৰু এটা কাৰণ তেওঁ সেই ধৰ্ম অতি সস্তা কৰিছিল। দুই হাত মেলি তেওঁ যাকে তাকে ধৰ্ম্ম বিলাইছিল, তেহেলৈ সেইজনৰ মনত সেই ধৰ্ম্মৰ প্ৰতি আস্থা থাকক বা নাথাকক। ফলত, তাৰ মূল্য কমি গৈছিল। “বিনা মূল্যে বিতৰণ" কৰা বস্তু সোনকালে অধোগতি প্ৰাপ্ত হয়। বহু মুলীয়া বস্তুকে এনেই বিলাই দিলে সি পাওঁতাজনৰ শ্রদ্ধা আকৰ্ষণ নকৰে। খ্ৰীষ্টধৰ্ম প্ৰচাৰকসকলে চাৰি-আলিৰ মুৰত বিলোৱা বাই-বোল কিতাপ আৰু উপদেশ এশজনৰ ভিতৰত এজনেও পঢ়ে আৰু শ্ৰদ্ধা কৰি শুনে বুলি আমাৰ বিশ্বাস নহয়। “মাৰিলে মাৰিলে কলসীৰ কাণা, তা বলিয়ে কি প্রেম দিব না" এই বুলি চৈতন্যদেৱে জগাই মাধাইক প্রেম দিয়াটো অতি ওখ খাপৰ উদাৰতা আৰু প্ৰেম যে তাব ভুল নাই; কিন্তু তাৰ আৰু এটা পিঠি তাছে, যত, এনে ধৰ্ম্ম এনে প্ৰেম, এই বিষয় বিষে জৰ্জৰিত matter of fact সংসাৰত নিৰ্ম্মলভাৱে সৰহ দিন নিটিকে,” এই বুলি অস্পষ্ট আখৰেৰে লেখা আছে। শঙ্কৰদেৱে যদিও সকলোৰ মাজত তেওঁৰ ধৰ্ম্ম প্ৰচাৰ কৰিছিল, আৰু সকলোৱে তাক ঢুকি পোৱা, বুজিপোৱা কৰিছিল, তথাপি তাক অতি সস্তা নকৰিছিল; নিয়ম-কানুন সদাচাৰ সাধুজীৱনৰ বান্ধেৰে তাক ভালকৈ বান্ধিহে তেওঁ বিলাইছিল। আৰু যত তাৰ আগ্ৰহ নাই, যত তাৰ মোল বুজিবপৰা ক্ষমতা নাই তেনে অঞ্চলত তাক তেওঁ কেতিয়াও নেপেলাইছিল।

চৈতন্যদেৱে সাৰোগত কৰি লোৱা উদাৰ দানৰ ভাব যে তেওঁৰ