পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৮
শঙ্কৰদেৱ ।

তেওঁ তাত বেচিকৈ হেচা দি ৰজা প্ৰজা সকলোৰে খং-জুই জ্বালাই, তেওঁৰ জীৱনৰ মহাব্ৰত বৈষ্ণবধৰ্ম্ম প্ৰচাৰৰ বাটত দুৰ্ঘোৰ বিঘিনি জন্মোৱাটো উচিত ভবা নাছিল। প্ৰতিমা-পূজাতো যদিৰ তেওঁ বিশ্বাস নকৰিছিল, তথাপি দেশীয় ৰজাৰ ক্ৰোধ উদ্ৰেক, আৰু বন্ধু বান্ধৱ জ্ঞাতি কুটুম্বসকলৰ আৰু ব্ৰাহ্মণসকলকে আদি কৰি সৰ্ব্বসাধা ৰণৰ বিদ্বেষ-বহ্নি উদ্ৰেক নকৰিবলৈ জগন্নাথৰ মুৰ্ত্তি, আৰু তেওঁৰ মতাৱলম্বী আন সত্ৰবোৰতো কৃষ্ণৰ আন আন মূৰ্ত্তি আন্ত- ৰিক অনিচ্ছাস্বত্ত্বেও স্থাপনা কৰি ৰখা হৈছিল। শঙ্কৰদেৱে জানি- ছিল যে দেশীয় ৰজাৰ আৰু লোকৰ বিদ্বেধ-অনল প্ৰজ্বলিত কৰিলে আৰু দেশ কাল পাত্ৰ বুজি নচলিলে আচল উদ্দেশ্য ঈশ্বৰৰ উপাসনা আৰু ভক্তিমূলক বৈষ্ণবধৰ্ম্ম প্ৰচাৰত ভয়ানক ব্যাঘাত ঘটিব। সেইদেখি নৰনাৰায়ণ ৰজাৰ সভাত ব্ৰহ্মণসকলে গঙ্গা তুলসী ইত্যাদি তেওঁ নামানে বুলি তেওঁৰ ওপৰত অভিযোগে উপস্থিত কৰিলত তেওঁ নিজৰ মূৰৰ শিখাৰ ভিতৰৰ পৰা তুলসীৰ নিৰ্ম্মালি উলিয়াই দেখুৱাইহিল আৰু নিজে গঙ্গাস্নান কৰিবলৈ যোৱাৰ কথা কৈ তেওঁলোকৰ কথাৰ খণ্ডন কৰিছিল। বাস্ত- বিকতে তেওঁ এবাৰ শ্ৰাদ্ধ, মূৰ্ত্তিপূজা আৰু ব্ৰাহ্মণৰ দ্বাৰাই

মনুষ্যৰ মুণ্ডে আছা তাহাক ঢাকিয়া৷ পুছিলন্ত ইন্দ্ৰে আতি দেখি বিপৰীত॥
আতো কৰি কোন বস্তু আছে বিপৰীত। চণ্ডালিনী বোলে ইন্দ্ৰ কথা নতু ৰজা॥
হৰি বিনে যিটো কৰে আন দেৱপূজা। তাৰ চৰণৰ ধূলি পৰিবাৰ ডৰে॥
জানি আনি দিলোঁ আমি ঢাকন ওপৰে। হেন শুনি ইন্দ্ৰে তাইক বচনে সাদৰি॥
ৰথে চৰি লৰি গৈলা৷ আপোন নগৰী॥”—-শঙ্কৰদেবৰ দশম,