পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১ ৭৪ শঙ্কৰদেৱ । গীত, সহজনাম, শ্ৰীমদ্ভাগৱত শাস্ত্ৰত মালাৰ ব্যৱস্থা নাই, । তেৰে আমি নিজে মালা পৰিত্যাগ কৰিম । যদি শাস্ত্ৰত আছেসেই শান্ধৰ সাৰ মর্ম গ্রহণ কৰিব । নোৱাৰি মিছাতে লোকক নিন্দাকেহে কৰিবলৈ শিকিছা, তেনেহলে কি হব ? এই বুলি শঙ্কৰদেৱে সমূদায় মাল৷ শৰাইত সজাই ৰাক্ষণৰ মাজত স্থাপন কৰিলে ! তেওঁলোকে একো উত্তৰ কৰিব নোৱাৰি নমাতি থাকিল ” ব্ৰাহ্মণসকল শঙ্কৰদেৱৰ ওচৰত যিমান তাপদহ হৈছিল, যিমান তেওঁলোকে তেওঁৰ বিপক্ষতাচৰণ কৰিছিল । । ব্ৰাহ্মণৰ অস্থা আক “ক্ষণে ই ক্ষণে তুষ্ট” আহোম ৰজাৰ অনু্যায অত্যাচাৰত ত্যক্ষ বিৰক্ত হৈ শঙ্কৰদেৱে তেওঁৰ ভকতসকলেৰে সৈতে আহোমৰ ৰাজ্য উজনি আসাম পৰিত্যাগ কৰি কোচ ৰজা নৰনাৰায়ণৰ ৰাজ্য নামনি আধামলৈ ভটায়াই গুচি গল। কোচ ৰজাৰ ৰাজ্যতো যে তেওঁ বামুণৰ বিদ্বেষৰ ভাত মাৰিছিল এনে নহয়, কিন্তু তাতো, তেওঁ বাদত সকলো প্ৰকাৰে ব্ৰাহ্মণসকলক পৰাস্ত কৰি শেহত নৰনাৰায়ণ আক চিলাৰায়ৰ শ্ৰদ্ধা ভক্তি আকৰ্ষণ কৰি তুলনাত উজনিতকৈ শাস্তিৰে অছিল। তথাপি ব্ৰাহ্মণসকলৰ লগৰীয়া কথ্য শুনি প্ৰথমতে এবাৰ নৰনাৰায়ণে শঙ্কৰদেৱক ধৰাই নি দও কৰিবলৈ মানুহ পঠিয়াইছিল, শঙ্কৰৰ ভক্ত চিলাৰায় দেৱানৰ নিমিত্তেহে ৰজাই সেই কাৰ্য্য কৰিব নোৱাৰিলে ; আৰু তাৰ পিছত ৰজাৰ খং মাৰ গলত শঙ্কৰদেৱে ৰঙ্গক সাক্ষাৎ কৰিলত ৰজাই শঙ্কৰৰ পাণ্ডিত্যৰ প্ৰভাৱ দেখি বৰং শঙ্কৰৰ প্ৰতি ভক্তিমান হৈ পৰিছিল। শঙ্কৰদেৱ বিষ্ণুৰ উপাসক আৰু বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণৰ উপাসক আছিল। তেওঁ শক্তি পৃঙ্গা আৰু শাক্ত সম্প্রদায়ৰ বিৰোধী