পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭২ শঙ্কৰণে ৱ । কৰিব নোৱাৰি গুৰুজনত সাৱশেষ বিৱৰণ জনালে । ব্রহ্মণৰ উপদ্ৰৱত ভকত বাহিৰলৈ ওলাব নোৱাৰা হল । গুৰুজনে এই কথা বুঢ়াথাক কলে। তেওঁ গুনি কলে, -‘অলপতে আমাৰ পিতৃশ্ৰাদ্ধ হব, তালৈ ব্ৰাহ্মণসকলক নিমন্ত্ৰণ কৰ যাব ; আপোনাসকল আহি মীমাংসা কৰি লব পাৰিব । সময়মতে শ্ৰাদ্ধ পৰিলছি। বুঢ়া ধাই সকলো ব্ৰাহ্মণক নিমন্ত্ৰণ দিলে ; শঙ্কৰকা ভকতসকলৰ সহিত প্রাদ্ধোপলকে মতালে । সকলো ব্রাহ্মণ সমাজ পাতি । বহিটে ; শঙ্কৰদেৱে স মুছীয়৷ ভকত সকলক লৈ আড়ম্বৰ কৰি কমলি পাৰি বহিছে । শঙ্কৰদেৱে সেইদিনা ঘৰৰপৰা যোৱাৰ সময়ত কৈছিল, “আজি কয় মাল৷ এৰি আহিম, নহয় । ভালকৈ লৈ আহিম । সমাজ যেতিয়া সম্পূর্ণ হল তেতিয়া শঙ্কৰদেৱে ব্ৰহ্মানন্দ আচার্য্যক জিজ্ঞাসা কৰিলে,--"তৈ, পাতকীৰ কৰ্ম্মত অধিকাৰ আছে নে ? অথব শতকীয়ে প্ৰায়শ্চিত্ত্ব বা তিলকাঞ্চন দান কৰিলে উদ্ধাৰ হব পাৰে নে ? আচার্যাট কলে, *পাতকীৰ কৰ্ম্মত অধিকাৰ নাই ; প্ৰায়শ্চিত্তষ্ট ওদ্ধ কৰিব নোৱাৰে, কেৱল হৰিনামে হে পাতকীক নিস্তাৰ কৰিব পাৰে। ।“ শঙ্কৰে বাৰে বাৰে দঢাই জিজ্ঞাস কৰাত ব্রহ্মানন্দই হৰিনামৰ হে মহিম ব্যাখ্যা কৰিলে। তাৰ পিছত শঙ্কৰে পুনরায় প্রশ্ন কৰিলে "স্বদি হৰিনামৰ ইমান মাহাত্ম্য হল, সকলো শাম্বই আক বেধে ও নামকে হে প্ৰশস্ত বুলি ব্যাখ্যা কৰে, তেনেহলে যি লোকে নামক নিন্দা কৰে, তাক কি বে'লা যায় ? * ব্রহ্মানন্দই শাস্ত্ৰষ সন্মত অনুসাৰে কলে —‘নাম নিক জনক চণ্ডাল অপেক্ষাও হীন বোল যায় । তাক দেখিলেও পাপ, স্পৰ্শ কৰিলেও পাপ, তাৰ নাম পৰ্য্যন্ত লব নাপায়। এই দৰে তেওঁ নামৰ অপৰাধীৰ