পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
শঙ্কৰদেৱ ।

এচাৰিৰে গৰু খেদাইছিল আৰু আন হাতে পিঠা লৈ মুখত দি চোবাইছিল। অৱশ্যে মিথিলা, কনৌজ আদি দেশৰপৰা অহা কন্দলি উপাধি আদিৰে বিভূষিত নিষ্ঠাবান পণ্ডিত সদ্‌ব্ৰাহ্মণসকল তেতিয়া আসামত নাছিল যে এনে নহয়, কিন্তু তেওঁলোকৰ লেখ তাকৰ। এই কামৰূপীয়া ব্ৰাহ্মণসকলে যে পূৰ্ব্বকালত ভাৰতবৰ্ষৰ উত্তৰ-পশ্চিম প্ৰদেশবোৰৰপৰা আহি কামৰূপত বসতি কৰা লোক তাত সংশয় নাই; কিন্তু তেওঁলোক এই দেশত দীৰ্ঘকাল থাকি, তেওঁলোকৰ আচৰ বাৱহাৰ দেশীয় আচাৰ ব্যবহাৰেৰে সৈতে কালক্ৰমত সানমিহলি হৈ পৰাৰ নিমিত্তে, হীন বিবেচিত হৈছিল। বঙ্গদেশতো এনেকুৱাই হৈছিল; আৰু এই বাবেই বঙ্গদেশৰ ৰজা আদিশূৰে কান্যকুব্জৰপৰা তেওঁৰ দেশলৈ পঞ্চব্ৰাহ্মণ কায়স্থ অনাই তেওঁলোকক দেশীয় ব্ৰাহ্মণ কায়স্থসকলতকৈ শ্ৰেষ্ঠ মৰ্য্যাদা দিছিল৷ অতীজত আৰ্য্যজাতিৰ সোঁত ভাৰতলৈ বওঁতেও এনে কথাহ হৈছিল। প্ৰথমতে ভাৰতত সোমাওঁত৷ আৰ্য্য ফৈদ পিছত সোমোওঁতা আৰ্য্য ফৈদতকৈ নীহ বিবেচিত হৈছিল, তাৰ পিছত সোমোৱ তৃতীয়ই প্ৰথম আৰু দ্বিতীয়তকৈ শ্ৰেষ্ঠ আসন পাইছিল। এইদৰে এক আৰ্য্যজাতিৰ ভিতৰতে ওখ তল প্ৰভৃতি শ্ৰেণী বিভাগৰ সৃষ্টি হৈছিল। ভাৰতত সোমোৱা মুছলমানসকলৰ ভিতৰতো এই দৰেই শ্ৰেণী বিভাগৰ সৃষ্টি হৈছিল। প্ৰথমতে ভাৰতলৈ অহা আৰব তুৰ্কী আৰু পাৰস্যৰ মুছলমানসকল তেওঁলোকৰ পিছত অহা মুছলমানসকলতকৈ অলপ নীহ বুলি পৰিগণিত হৈছিল; আৰু তাৰ পিছত অহা সকলতকৈ আগৰ সকল নীহ বিবেচিত হৈছিল।