পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৩
দ্বাদশ আধ্যা

এখনৰপৰা ভঙা “মঞ্জৰী” নামে এখন অসমীয়া অঙ্কপুথিত আছেঃ

“কলৌ আদ্য ভৱেত্‍ বাজা ধৰ্ম্ম পুত্ৰো যুধিষ্ঠিৰঃ।
চতুর্দ্দশ শত বর্ষং দ্বাদশেন সমাযত


দ্বিষষ্টিচ শতত্ৰয়ং মযুৰেণ ভবিষ্যতি
পঞ্চাধিক পঞ্চশতং সোমো ৰাজ্য কৰিয্যতি।
অতপৰং শকো ৰাজা সৰ্ব্বগুণান্বিতভবেৎ॥”

 অর্থাৎ যুধিষ্ঠিৰৰ বংশই ১৪১২ বছৰ, নন্দবংশই ৫০০ বছৰ, গৌতমৰ বংশই ৪০০ বছৰ, ময়ুৰ অৰ্থাৎ মৌৰ্য্য বংশই ৩৬২ বছৰ, সোমৰ বংশই ৫০৫, মুঠতে ৩১৭৯ বছৰ ৰাজত্ব কৰাৰ পিছত শকাদিত্য ৰজা হয়। ৩১৭৯ কলিৰ অব্দ বছৰকে যদি শকাদিত্যৰ ১ম বছৰ ধৰা যায়, তেন্তে শঙ্কৰৰ জন্মৰ কলি-অব্দ ৪৫৫০ টো ১৩৭২ শক হয়। ১৩৭১ শঙ্কৰদেৱৰ জন্ম শক হোৱাটোৰ এইটোও এটা প্রমাণ।

 সাৰ্ব্বভৌম ভট্টচাৰ্য্যই শঙ্কৰদেৱৰ জীৱন চৰিত্ৰত শঙ্কৰৰ বয়সৰ কথা লেখিছে — “এক বাম ছয় বিংশ বৰিষ ভৈলন্ত” ইয়াৰ অর্থ আমি “এক কম ছকুৰি বছৰ হল” বুলি বুজিছো। বাম

মানে বা বাওঁফালে দিয়া অঙ্ক অর্থাৎ বাদ দিব লাগে, এনেটো আমি বুজিছোঁ। আৰু এটা কথা — হাতে লেখা “কম” শব্দটো পুথি নকল কৰোঁতাই “বামৰ নিচিনা দেখি বাম” কৰাটোও অসম্ভৱ নহয়। সেইদেখি শঙ্কৰদেৱৰ বয়স “এক কম” ছকুৰি হলে, আমি দিয়া তাৰিখ ১১৯ বছৰেৰে সৈতে মিলে।