পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬২
শঙ্কৰদেৱ।

পুথিত কাতি মাহ বুলি আছে। কাতি হলেও এমাহৰ ভিতৰতে অমিলটো থাকে। শঙ্কৰদেৱৰ মৃত্যু যে ভাদত এইটো নিৰ্ভুল। আহিনৰপৰা ভাদলৈ এবছৰ পূৰা হয়, দেৰ বছৰ নহয়; সেই দেখি “বৰিষেক মন্দ” অধিক সংখ্যক পুথিৰ পাঠ অধিক শুদ্ধ বুলি ধৰি শঙ্কৰ দেৱৰ জীবিত কাল ১১৯ বছৰ বুলি স্থিৰ কৰা গল। এই নিমিত্তে “আসাম বান্ধৱে” তেওঁৰ পুথিৰ ভুল পাঠ পঢ়ি শঙ্কৰদেৱৰ বয়স ১০৭ বছৰ কৰিছে দেখা যায়।

 প্রাচীন ৰুদ্ৰষামাল পুথি এখনত এটি শ্লোক আছে, তাক আমি তলত তুলি দিলোঁঃ—

“খ বাণ বিশ্ব বেদকে শকাঙ্ক গণিতেশাকে।
শ্ৰীমত্‍ শঙ্কৰ নামানৌহ্যৱতীৰ্ণো কলৌযুগে॥
বিন্দু ৰন্ধ্ৰ, বেদ চন্দ্ৰ শকে শঙ্কৰ সংজ্ঞকঃ।
নৰভাবং সমুৎসৃজ্য ভাদ্ৰে মাসি ত্যাগাৎপদং॥”

 খ = ০; বাণ = ৫; বিশ্ব = ৫ ; বেদ = ৪ । বিন্দু = ৩; ৰন্ধ্ৰ= ৯ ; বেদ = 8 ; চন্দ্র =১

 ওপৰৰ শ্লোকৰ দ্বাৰাই জনা গল যে, কলিৰ ৪৫৫০ অব্দত শঙ্কৰদেৱৰ জন্ম হৈছিল; আৰু ১৪৯০ শকত ভাদ মাহত তেওঁৰ মৃত্যু। বৰ্তমান কলিৰ গতাব্দ ৫০১২ ৪৫৫০ অব্দৰপৰা ৫০১২ লৈকে ৪৬২ বছৰ। শঙ্কৰদেৱৰ জন্ম ১৩৭১ শকত ধৰিলে বর্তমান ১৮৩৩ শকত ৪৬২ বছৰ হয়। এতেকে ১৩৭১ শকত তেওঁৰ জন্ম বুলি নিৰ্ভুলকৈ প্রমাণিত হয়।

 কলিৰ ৩১৭৯ অব্দই সম্ভৱতঃ শকাদিত্যৰ প্ৰথম শক। কলিযুগৰ প্ৰথম ৰজা যুধিষ্ঠিৰ। ১৫৬২ শকত কায়েথালি পুথি।