পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬০
শঙ্কৰদেৱ।

যাব লাগে যদি ভালকৈয়ে যাম” এই বুলি তেওঁ ন কাপোৰ পিন্ধি হাত মুখ ধুই এনেকৈ প্ৰস্তুত হৈছিল যে সঙ্গৰ ভকতসকলে ভাবিছিল যে তেওঁ ৰজা-ঘৰলৈহে যাবলৈ ওলাইছে। কিন্তু ইয়াৰ পিছতে তেওঁ যোগাসনত বহি প্ৰাণ পৰিত্যাগ কৰিলে। এই ঘটনাটোত যোগী শঙ্কৰদেবৰ যোগীসুলভ ইচ্ছামৃত্যুকে স্পষ্টকৈ দেখিবলৈ পোৱা যায়।

 “আসাম-বান্ধৱ”ৰ সম্পাদকে মহাশয়ে বহাগ মাহৰ (১৩১৭-১৮ চন) বান্ধৱত লেখিছে —আচলতে শঙ্কৰদেৱৰ জন্ম ১৪৬২ খ্ৰীষ্টাব্দ বা ১৩৮৩ শঁক, আৰু ১৫৬৯ খ্রীষ্টাব্দ বা ১৪৯০ শঁকত তেওঁৰ মৃত্যু হয়। তেনে হলে দৈত্যাৰি ঠাকুৰে মহাপুৰুষ শঙ্কৰদেৱ আক মাধৱদেৱৰ জীৱনত উক্ত কৰা — “চৌধশ নব্বৈ শকত নিশ্চয় শঙ্কৰ বৈকুণ্ঠ গৈলা" বুলি কোৱা আৰু ৰামচৰণ ঠাকুৰে লিখা শ্ৰীশঙ্কৰদেৱৰ লীলাত “‘তেৰ বৰিষ মন্দ,আয়ু ভৈলা ছয় কুৰি’ বুলি উক্ত কৰা কথাৰ মিল থাকিল গতিকে ১৫৬৯ — ৪৬২ = ১০৭ বছৰ শ্ৰীশঙ্কৰদেৱৰ জীবিত কাল বুলি প্ৰমাণিত হল!”

 আমি দেখিছো শঙ্কৰদেৱৰ মৃত্যুৰ তাৰিখত (১৪৯০ শকত) কাৰো মতভেদ নাই, গতিকে তাক ঠিক বুলি ধৰা গল। জন্মৰ শঁক লৈয়ে গোলমাল। এতিয়া চোৱা যাওঁক, “তেৰ বৰিষ মন্দ আয়ু ভৈলা ছয় কুৰি” কথাৰ মানে কি? বান্ধব সম্পাদকে “তেৰ বৰিষ মন্দ” মানে তেৰ বছৰ কম, অর্থাৎ ১৩ বছৰ কম ছকুৰি ধৰিছে। অসমীয়াত মন্দ মানে বেয়া বুলিহে আমি জানো, যেনে, দিন মন্দ। সেইদেখি এই পদ ফাকিৰ