আমাৰ বৰগীতবোৰৰ নিচিনা ভাৰতীয় আন আন ভাষাতো তেতিয়াৰ দিনত নানাৰসৰঞ্জিত আধ্যাত্মিক গীত আছিল। কবীৰ মীৰাবাই সকলৰ নামে গীত সাহিত্যত অতি ওখ ঠাই অধিকাৰ কৰি আছে। বৈষ্ণব আন্দোলনে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ যি আধ্যাত্মিক ভাবৰ খলক লগাইছিল, ভক্তিৰ উচ্ছাস সজাগ কৰি তুলিছিল আমাৰ বৰগীতবোৰ সেই খলক আৰু উচ্ছাসৰ প্ৰতিধ্বনি মাথোন। ভাৰতৰ এচুকত পৰি থাকিলেও বৰগীত আদি কৰি অসমীয়া বৈষ্ণব কবিসকলৰ পদাবলীবোৰে ভাৰতৰ আন আন ঠাইৰ লগত অসমবাসীৰ শিক্ষা দীক্ষা আদিৰ ক্যভাবৰ পৰিচয় দিয়ে॥
শঙ্কৰদেৱৰ জন্মৰ তাৰিখ ১৩৭১ শক (১৪৪৯ খৃষ্টাব্ধ); কাতি মাহ; অমাবস্যা তিথি; বৃহস্পতি বাৰ, মাজ নিশা। “বাহীত” ছপা হোৱা গুৰু-চৰিত্ৰ পুথিত এই তাৰিখ পোৱা যায়। এই গদ্য গুৰু-চৰিত্ৰ পুথিখন শঙ্কৰদেৱৰ আদি স্থান বৰদোৱাৰপৰাবৰগীতৰ বিষয়ে এই অধ্যায়টি শ্ৰদ্ধাস্পদ অধ্যাপক বাণীকান্ত কাকতিৰ দ্বাৰাই ৰচিত। আমি অতি আদৰেৰে ইয়াক আমাৰ কিতাপৰ অন্তৰ্ভুক্ত কৰি ললোঁ।