পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
শঙ্কৰদেৱ।

প্ৰেমৰ কোন চিত্ৰ নাই। শ্ৰীকৃষ্ণ বৃন্দাবনৰ অধিষ্ঠাতা দেৱতাৰ নিচিনা আছিল আৰু জীৱ-জন্তুৰ কথাকেই নকওঁ তৃণ তৰু আদিয়েও তেওঁৰ প্ৰভাৱ অনুভৱ কৰিছিল। অস্তুতঃ তেনে ভাবেই গোকুলবাসী সকলে তেওঁৰ অস্তিত্ব স্বীকাৰ কৰিছিল। কিয়নো শ্ৰীকৃষ্ণ যেতিয়া গোকুল এৰি মথুৰালৈ যায়, তেওঁলোকে এইদৰে খেদ কৰিছিলঃ-

 কি কহবো উদ্ধব কি কহবো প্ৰাণ।
গোবিন্দ বিনে ভয়ো গোকুল উচান॥
শূন্য ভৈল অঙ্গিনা বিৰিন্দা বিপিন।
না শোভে ৰজনী যৈচে চান্দ বিহীন॥
নাহি চাৰব ধেনু কালিন্দী কূল।
আৰ নুশুনবু বেণু কদম্বকু মূল |
মথুৰা ৰহল সব গোপিনীক পিউ।
কেশব বিনে কৈচে ধৰব জীউ॥

 এই নানা ৰঙৰ চিত্ৰৰ ভিতৰত ভক্ত কবিয়ে কি ভাবে নিজৰ লগত এই নানান ৰূপ বিকাশৰ সম্বন্ধ খুজিছিল সেইটো উল্লেখযোগ্য। এইবোৰ ৰূপ কবিৰ মানস সৰোবৰত ভাহি থাকিলেও তেওঁৰ অন্তৰৰ দৃষ্টি আছিল মানবৰূপী ভগবানৰ চৰণত।

 বৈকুণ্ঠৰ পতি প্ৰভু বনে চাৰে ধেনু।
কহয় মাধব গতি কানু পদ ৰেণু।

 “পদৰেণু” সেৱা বা দান্যতাৰেই শঙ্কৰ আৰু মাধৱদেৱৰ সাধক জীৱনৰ মূলভাব আৰু এই ভাবতেই তেওঁলোকৰ সকলো সাহিতাই ডুব খাই আছে। সেই বিষয় ইয়াত আলোচনা কৰা নিষ্প্ৰয়োজন।