পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৪
শঙ্কৰদেৱ।

আন প্ৰৱন্ধত দেখুৱা হৈছে যে বাৎসল্যপ্রেম মাধৱদেৱৰ ভক্তজীৱনৰ সর্ব্বহ। গীত, পদ, নাট সকলোবোৰতেই তেওঁ শ্ৰীকৃষ্ণৰ শিশুচৰিত্ৰ সজীৱ কৰি তুলিছে।

 লৰা কৃষ্ণৰ লীলাক্ষেত্র ব্রজ। আৰু লীলাখেলাৰ প্ৰধান প্রধান ভাৱৰীয়াসকল হৈছে যশোদাদেবী স্বয়ং কৃষ্ণ, দাম সুদাম আদি গৰখীয়া লৰাবোৰ আৰু ৰাধিকা আদি গোৱালনী সকল। এই নিৰীহ প্রাণীসকলৰ স্নেহ আৰু ভক্তিৰ গুণত আপোনাআপুনি মেৰপাক খাই পৰম পুৰুষে গৰখীয়া লৰাৰ ভাও ধৰি নানা ৰঙ ধেমালীৰ অবতাৰণা কৰিছে। তীব্ৰ ভাস্বৎ সূৰ্য্যৰ পোহৰ পাত্ৰভেদে স্নিগ্ধ মধুৰ কিৰণ বিলোৱাৰ দৰে পৰমপুৰুষেও পাত্ৰভেদে এই অজলা প্ৰাণীসকলৰ ভিতৰত সবল মাধুর্য্য প্রকাশ কৰি সকলোৰে মন হৰণ কৰিছে।

 পুৱাতেই ষশোদাদেবীয়ে কৃষ্ণক গৰু চৰাবলৈ জগাই দিয়ে। দাম সুদাম আদি গৰখীয়া সকলৰ লগত শিকিয়াত ভাত বান্ধি লৈ গৰু চাৰি গধূলি উভতি আহি বনৰ পাতে গাটো কাটিলে বুলি মাকৰ আগত অভিমানকৈ একো নোখোৱাকৈ শুই থাকিবৰ দিহা কৰে। তাথে বেধে মাকে আহি খীৰ, লনী আদি গাত ঘহি গাটো পূৰাই দিয়ে। কেতিয়াবা ভোক লাগিছে বুলি পেটত হাত বুলাই মাকৰ আগত কান্দে। কেতিয়াবা আকৌ আনৰ লগত খৰিয়াল কৰি মাকৰ ভয়ত লুকাই ফুৰে। ইত্যাদি নানা ধৰণৰ হুবহু শিশুচৰিত্ৰৰ কল্পনা নৈপূণাত বৰগীত বোৰে কবিতা হিচাবে জগতৰ কাব্য সাহিত্যত অতি ওখ ঠাই লাভ কৰিব পাৰে।