পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দশম আখT1 । ১৪৫ শঙ্কৰদেৱে পাটবাউসীত থাকোতেই ৰায় আতাৰ প্ৰাৰ্থনা মতে কালীগমন, পদ্বীপ্রসাদ, ৰাস, কম্মিণীহৰণ, পাৰিজাত হৰণ, আৰু কংসবধ নাট ৰচনা কৰি ভাৱনা কৰি সকলোকে দেখুৱাইছিল। আৰু তাতে শঙ্কৰদেৱৰ আজ্ঞ মতে মাধৱদেৱে সুবিমখন, ৰামজুমুৰ, পিপৰা-গুচুৱা, চোৰ ধৰা, ভূমি লোচিৱা, ভূষণ তেৰুৱা, কোটানা থেলা আাক ভোজন ব্যৱহাৰ নাট ৰচনা কৰিছিল । দধিমথন নাটৰ ভাৱনাত শঙ্কৰদেৱে শব্দৰ, আৰু মাধৱদেৱে উপনৰ ভাও দিছিল। নৰনাৰায়ণ ৰজাৰ আজ্ঞামতে শঙ্কৰদেৱে স্থাতীকুচিত কাপোৰৰ কাৰখানা পাতি মাধৱদেৱেৰে সৈতে পাটবাউসীলৈ আহোতে বাটত ভাট এটাই গীত গোৱা শুনি শ্বাৱদেৱকে তেনে এটা গীত ৰচনা। কৰি গাবলৈ কোৱাত, গুৰুৰ আজ্ঞা মতে মাধৱদেৱে বাটতে, “প্ৰাতঃ সময়ে, যশোৱা জননী, মুথ চুহিত হাম জগাৱন কু। উঠ মেৰি লাল, মদন গোপাল, আৱে তেৰি গোৱাল বলাৱন কু ৷” এই ভটিমাটে ৰচনা কৰিছিল । এদিন শঙ্কৰদেৱে মাধৱদেৱ, ঠাকুৰ আতাআক জয়া৷ মাধৱেৰে সৈতে বাটত যাওঁতে তেওঁলোকক ক'লে যে তিনিওজনে। তিনটি ভটিমা ৰচনা কৰি গাব লাগে। এই কথা শুনি জযষ্ঠা মাধৱে ৰচনা কৰি গালে –‘বাই গে নাৱৰ বাচক অ্যীশঙ্কৰ ঘাটে। বাব নোৱাৰে। নাৱৰ বাচক বঠা নাইকিয়া তাতে ॥ ঠাকুৰ আতাই ৰচনা কৰি লাগে—‘জয় জয় শ্ৰীমন্ত শঙ্কৰ, মই তুৱা দাসৰো। দাস। উজানৰ হন্তে আসি প্ৰাণনাথ নিকটে কৰিলে। ধাস ।” মাধৱদেৱে ৰচনা কৰি গালে –“জয় গুক শঙ্কৰ, সৰ্ব্ব গুণাকৰ, যাকেৰি নাহি উপাম । ” ইত্যাদি । ১ ট