পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৪
শঙ্কৰদেৱ।

গুণমালা পুথি ৰচনাৰ বিষয়ে গুৰুচৰিএত আছে - এদিন নৰনাৰায়ণ ৰজা পণ্ডিতসকলেৰে সৈতে সভা পাতি বহি আছে; শঙ্কৰদেৱো তাতে আছিল৷ এনেতে ৰজাই পণ্ডিত মণ্ডলীক সুধিলে "বাৰস্বন্ধ ভাগৱত শাস্ত্ৰ, বহি ভাত ৰান্ধোতে গাব পৰাকৈ আপোনাসকলে ৰচনা কৰি দিব পাৰে নে?" পণ্ডিতসকলে উত্তৰ দিলে, - “মহাৰাজে যদি হাতী এটি মাৰি ভুৰুকাত ভৰাই দিব পাৰে, আমিও এই কাম কৰিব পাৰিম।” শঙ্কৰদেৱে গুণমালা পুথিৰ ৫ আধ্যা আগেয়ে ৰচনা কৰি ৰাখিছিল, তেওঁ এই কথা শুনি বহালৈ উভতি আহি প্রথম আধ্যা ৰচনা কৰি পুথিখনৰ পিঠিৰ পিনে হাতী এটাৰ আকৃতি এটা আঁকি পুথিখন ভুৰুকা এটাত ভৰাই ৰজাক দিলে। ৰজাই এই কাৰ্য্যত সন্তোষ পাই শঙ্কৰদেৱক আসন দি বহুৱাই সন্মান কৰি সকলোৰে ওপৰত ধৰ্ম্মৰ ৰজা পাতিলে।

 শঙ্কৰদেৱে চূণপোৰাত সত্ৰ কৰি থাকোতে নাৰায়ণ দাসক (ঠাকুৰ আত৷) শৰণ দি গুণমালা শাস্ত্ৰ দিছিল। অবশ্যে সেই গুণমালাত, পিছত নৰনাৰায়ণ ৰজাক দিবলৈ ৰচিত হোৱা প্ৰথম আধ্যা নাছিল।

 শঙ্কৰদেৱে বৰদোৱা এৰি ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে শিঙ্গৰিত এৰাতি থাকি তাৰ পিছত গাংমৌত সত্ৰ পাতি থাকোঁতে, শিঙ্গৰি নিবাসী আৰু তাৰ পিছত বিশ্বনাথ দেৱালয়ত দেবীপূজা কৰি থকা সতানন্দ বা দেবীদাস নামে কায়স্থ এজনক শিষ্য কৰি গুণমালা পুথি দিছিল। ইয়াৰ দ্বাৰাই বুজিব পৰা যায় যে তেওঁ বৰদোৱাত থাকোঁতেই গুণমালা পুথি ৰচনা কৰিছিল। অৱশ্যে সেই প্রথম আধ্যাত বাজে।