পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৭
সপ্তম আধ্যা

 ৰুক্মিণী-চৰণত থকা শিশুপাল আৰু ৰুক্মিৰ গালিবোৰ আৰু কৃষ্ণৰ উত্তৰবোৰ সাধাৰণত ইমান লোকৰঞ্জক যে সেইবোৰ সকলোৰে মুখে মুখে৷ যেনে শিশুপালে কৃষ্ণক —“শুনৰে যাদৱ কালকূট অনাচাৰী। চুৰি কৰি নেস, মোৰ বিবাহৰ নাৰী॥ স্বভাৱতে যদুবংশী নাৰীত লম্পট। সবাৰে উপৰি কৃষ্ণ তই ভৈলি ঘট॥ একো নবাছস তই নাহিকে সম্বন্ধ গুণি চায়ো তোত পৰে আছে কোন মন্দ॥ বাৰে বাৰে মোত তই লগাৱস ঘাটি। হেন কি জানস তোক নাপাৰোঁহোঁ আটি॥ আগতে কন্যাক নেস এত মান সাস॥ কালে গ্ৰাসিলেক আজি সেন্থৰে নিবাস॥ ইয়াৰ উত্তৰত বুকু শালি-যোৱা কৃষ্ণৰ কথা,—“হেন শুনি হাসি মাধৱে বোলন্ত , শুন অৰে শিশুপাল। কৈত শুনি আছ, সিংহক সমুখে, জিনিবে পাৰে শৃগাল॥ তোৰ কি নিন্দাত, আনি অল্প হওঁ, এৰ পাপী গৰ্ব্ব বোল৷ হেন কি জানস, কাকে পৰচিলে, অপবিত্ৰ হোৱে দৌল॥ তোৰ মদ গৰ্ব্ব, আজি কৰোঁ চুৰ, খানিতেক থাক থাক॥’’ হত্যাদি৷

 ৰুক্মিয়ে কৃষ্ণক ,-“শুন অৰে যদুবংশী কৃষ্ণ দুৰাচাৰ। কেনে চুৰি কৰি নেস ভগিনী আমাৰ॥ নুশুধিলি কন্যা তই মোত নখুজিলি। আৰে কোন লাজে চাম্প দেস যেন চিলি॥ যেন ঢোণ্ডা কাকে লৈয়া যায সোন্দাকল। খানিতেক ৰহ আজি দিবোঁ প্ৰতিফল॥। আন নৃপতিৰ মতে আমাক জোঙ্কাস। ৰুম্মি কুমৰৰ তই আটা নতু পাস॥ প্ৰমত্ত বাঘৰ আগে ঘেলাৱস গাৱ। কংসাল সৰ্পৰ যেন লাঞ্জে দেস পাৱ॥ মৰিবাক লাগিয়া যমত কৰ খেৰি। আজি তোক নামাৰি সেন্থৰে নাযাওঁ এৰি।