পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৮
শঙ্কৰদেৱ


পৃথিবীতে ৰৈল পৰি॥” অতি আনন্দৰ উল্লাস থাকোঁতে এনে ব্ৰজাঘাতৰ নিচিনা নিৰানন্দৰ বাতৰি শুনিলে মানুহৰ যেনে হয়, ৰুক্মিণীৰ ঠিক তেনেই হৈছিল। সুমালিনীয়ে কিন্তু ইমান দূৰ হব বুলি ভবা নাছিল , এতিয়৷ গতি বিষম দেখি “আকোঁৱালি তুলি লৈলা সুমালিনী ধাই। কি কাৰণে বিকল হৱস তই আই॥ হৰি হৰি আই তোক ছলিলেক বিধি। তোৰ মন বাঞ্ছিত নভৈল কিছু সিদ্ধি॥ ”

 এনেবোৰ স্বাভাবিক বৰ্ণনা যে অসমীয়া মতা তিৰুতাৰ মনৰ আঁহে আঁহে সোমাব তাত আশ্চয্য কি?

 গ্ৰন্থৰ নায়িকা ৰুক্মিণী কন্যা যেনে ৰূপৱ৩ী তেনে বুদ্ধিমতীও। ইয়াৰ প্ৰমাণ, ৰুক্মিণীধে বেদনিধিক মতাই অনাই বুধি-ভাগ দি কৈ-মেলি যেনেকৈ কৃষ্ণৰ ওচৰলৈ পঠিযাইছিল, সেই কথা পঢ়িলেই পোৱা যায়। হঠাৎ বিপদৰ কথা শুনি আন ছে ৱালীৰ দৰে তেওঁ অকল মুচ্‌ কচ গৈ আক কান্দি ব্যাকুল হৈযেই আশা নাৱৰ গুৰি-বঠা এৰি নিদিলে বা মাকৰ ওচৰলৈ গৈ কান্দি মাককো শোকাকুল কৰাটোকেই শ্ৰেষঃ বুলি সা ভাবিলে। তেওঁ “বিপদি ধৈৰ্য্যং" ধৰি বুধি উলিয়াহ, —-তেওঁক সৰুৰেপৰা তোলা, লেখা পঢ়া পূজাসেৱ৷ শিকোৱা বিশ্বাসী বেদনিধি বাপুক মতাই অনাই মনৰ দুখৰ কথা কৈ, ক্লঞ্চক মাতি আনিবলৈ দ্বাৰকালৈ পঠিয়াই দিলে। বুঢ়া বয়সিয়া পণ্ডিত বাপুক মাথোন কন্যাকাল উকলি যোৱা ছোৱালী এজনীয়ে কেনেকৈ শিকাট-পঢ়াই কৃষ্ণৰ ওচৰলৈ পঠিয়াইছিল দেখিলে সেই ছোৱালীক বাহাদুৰি দিব লাগে। “ৰুক্মিণী বোলন্ত তুমি মোক আছাঁ তুলি। পিতৃত মাতৃত কৰি