সমললৈ যাওক

পৃষ্ঠা:শকুনিৰ প্ৰতিশোধ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
[ ৩য় অঙ্ক
শকুনিৰ প্ৰতিশোধ
শকুনি— পৰাজয় হ’বলৈ আৰু বাকী নাই। এতিয়া, ভাল পাইছোনে বেয়া পাইছো যদুপতিয়েই জানে।
কৃষ্ণ— মামা, কৌৰৱৰ আশ্ৰয়ত থাকি, দুৰ্য্যোধনৰ ইমান বিশ্বাস ভাজন হৈ, বিশ্বাসঘাতকী হ’ল৷ কিয়?
শকুনি— তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে?
কৃষ্ণ— তুমি নিষ্ঠুৰ।
শকুনি— আৰু তুমি?
কৃষ্ণ— মই মোৰ কৰ্ত্তব্য কৰিছো।
শকুনি— মোৰ কৰ্ত্তব্যৰ কোনখিনিত ত্ৰুটী হ’ল দয়াময়?
কৃষ্ণ— ‘ভাগিন ভাগিন' বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰ চিৰসঞ্চিত হলাহল বিহ খুউৱাতকৈ, সন্মুখ যুদ্ধত অসি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা, অনেক গুণে শ্ৰেয় মামা।
শকুনি— যদুপতি, ক্ৰোধান্ধ মানুহ মই। এই প্ৰতাৰণা, প্ৰৱঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো। কিন্তু, পূৰ্ণব্ৰহ্ম ভগবানৰ কপট নিদ্ৰাতকৈয়ো মোৰ এই আচৰণ বেচি' দোষণীয়নে?
কৃষ্ণ— ভুল বুজিছা মামা।
শকুনি— সদায় ভুল কৰি কৰি ভুলতেই অভ্যষ্ট হৈছো; এতিয়া আৰু শেহ বতৰত সেই ভুল নেভাগে নাৰায়ণ।
কৃষ্ণ— তোমাৰ দোষতেই কৌৰৱ ধ্বংস হ’ল। স্বৰ্ণলঙ্কা ছাই কৰিছিলে ৰাজভ্ৰাতা বিভীষণে আৰু আজি স্বৰ্ণময় ভাৰতভূমি শ্মশান কৰিলা, ৰাজ-মাতুল তুমি শকুনিয়ে
শকুনি— হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা।
কৃষ্ণ— নুবুজিলোঁ মামা।