এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(iv)
তৰুণৰ প্ৰভা ফুটি ওলাবলৈ কিছু সময় লাগে। আমাৰে দুৰ্ভাগ্য তৰুণ ৺গণেশচন্দ্ৰ গগৈৰ সুগুণৰ জেউতি দেশবাসীসকলৰ আগত পূৰ্ণভাৱে ফুটি ওলাবলৈ নৌ পাওঁতেই এই জগতৰ পৰা তেওঁ আঁতৰিবলগীয়া হ’ল। চিকাৰী, খেলুৱৈ, ৰসিক, অভিনেতা, নাট্যকাৰ, কবি গণেশচন্দ্ৰ গগৈৰ লগত অসমীয়াই যি হেৰুৱালে তাৰ পৰিমাণ বহুত। ৺গগৈদেউৰ সেই অপূৰ্ণ আসনখনি ভবিষ্যতে কেতিয়াবা পূৰ্ণ হ’বনে, বা হ’লে কেতিয়া হ’ব সেই কথা কোৱা বৰ কঠিন।
ভগৱানে তেওঁৰ মুক্ত আত্মাক যেন চিৰ শান্তি দান কৰে।
✷ ✷ ✷ ✷
২৯।৯।৩৯ |