এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
[ ২য় অঙ্ক
শকুনিৰ প্ৰতিশোধ
| দ্ৰৌপদী— | [নেপথ্যলৈ চায় ] সৌৱা, মহাৰাজ আহিছে! |
| অৰ্জ্জুন— | আহিছে? যোৱা তুমি শুশ্ৰূষাৰ আয়োজন কৰাঁ।
[ দ্ৰৌপদীৰ প্ৰস্থান। বিপৰীত ফালৰ পৰা যুধিষ্ঠিৰৰ প্ৰৱেশ ] |
| যুধিষ্ঠিৰ— | কৰ্ণক বধ কৰিলা অৰ্জ্জুন! |
| অৰ্জ্জুন— | মই সংশপ্তক আৰু অশ্বত্থামাৰ লগত যুদ্ধ শেষ কৰি অলপ আগতে শিবিৰ পাইছোহি। ইয়াত আহি মাত্ৰ জানিব পাৰিছো যে আমাৰ পৰাজয় হৈছে। |
| যুধি— | তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে? [ অৰ্জ্জুন নিমাত ] নিমাত কিয়? |
| অৰ্জ্জুন— | [ কঁপা মাতেৰে ] দাদা, মহাৰাজ— |
| যুধি— | অপদাৰ্থ,—এই বীৰত্বৰে কৰ্ণ বধ প্ৰতিজ্ঞা কৰিছিলি? এই বীৰত্বৰে তৰ্জ্জন-গৰ্জ্জন কৰি দুৰ্য্যোধনৰ ওপৰত প্ৰতিশোধ ল’ম বুলি কৈছিলি? |
| অৰ্জ্জুন— | [ হাত জোৰ কৰি ]
ক্ষান্ত হোৱা দাদা, |