সমললৈ যাওক

পৃষ্ঠা:শকুনিৰ প্ৰতিশোধ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
[ ২য় অঙ্ক
শকুনিৰ প্ৰতিশোধ
কৰ্ণ— মিচিকীয়া হাঁহি মাৰি ভীমৰ ভৰিৰ পৰা মূৰলৈকে চাই

বিদ্ৰূপ কৰি ]

মৃত্যুপতি, ইচ্ছা হ’লে
নিৰ্বিঘ্নে পলাব পাৰা
দিছো অনুমতি।

ভীম— ভীমৰ শুনিলে নাম,

থৰে থৰে কঁপে যদি প্ৰাণ,
কিয় হলি কৌৰৱৰ সেনাপতি ভীৰু?
দুৰ্ব্বল হাতত ধৰি
কিয় কাপুৰুষ,
পৰশুৰামৰ ধনু অশুচি কৰিলি?

কৰ্ণ— [ ভীমৰ কথালৈ আওকাণ কৰি, নেপথ্যলৈ চাই ]

যদুপতি,
ঘূৰুৱা ঘূৰুৱা ৰথ
চলালা কলই?
অপেক্ষা কৰিছোঁ চোৱাঁ
মৃত্যুবান লই।
কি? কি? নুঘূৰালা? [বিপৰীত ফালে নেপথ্যলৈ চাই]
শল্য, শল্য, আনা ৰথ,
আপুনি আগুৰি ধৰি,
সউ কপিধ্বজ
দেখুৱাও অৰ্জ্জুনক মৰণৰ পথ। [ প্ৰস্থানোদ্যত ]