এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩য় দৃশ্য ]
৩৯
শকুনিৰ প্রতিশোধ
| কুৰুক্ষেত্ৰত বিজয় পতাকা উৰাম, প্ৰলাপ! প্ৰলাপ!! প্ৰলাপ!!! তেজৰ পিৰপিৰণি থাকে মানে দুৰ্য্যোধন, এই প্ৰলাপ থাকিব। কিন্তু যিদিনা তেজ চেঁচা পৰিব, গোট মাৰিব, টনটনীয়া শিৰ কোচ খাই বিট-শগুণৰ ঠোঁটৰ আগত ওলমি পৰিব, সেই দিনা এই প্ৰলাপ, এই উন্মাদনা ক’ত থাকিব!! [ প্ৰস্থান ] |
—পট—
৩য় দৃশ্য—ৰণক্ষেত্ৰ
[ হাতত গদা লৈ মূৰ্ত্তি ধৰি ভীমৰ প্ৰবেশ ]
| ভীম— | [ নেপথ্যলৈ চাই ] পাণ্ডৱ সৈন্য, কৰ্ণৰ ভয়ত পলাইছ? কাপুৰুষ, ভীৰু, চা ঘূৰি, যমদণ্ড হাতত লৈ মূৰ্ত্তিমান ৰুদ্ৰৰূপী মই বৃকোদৰ! একো ভয় নাই, নপলাবি, নপলাবি; হীন সূতপুত্ৰই পাণ্ডৱক পৰাস্ত কৰিব নোৱাৰে। |
[ কৰ্ণৰ প্ৰবেশ ]
| কৰ্ণ— | তেন্তে মহাৰাজ পাণ্ডুৰ পুত্ৰ, বিৰাট ৰজাৰ ৰান্ধনিয়ে কৌৰৱক পৰাস্ত নকৰে কিয়! |
| ভীম— | কৌৰৱৰ পদসেৱী,
পাপিষ্ঠ অধম, |